চতিয়া সমষ্টিত বানৰ কবলত নিহত হোৱা বিজু ওৰাঙৰ পৰিয়াললৈ চাৰি লাখ টকাৰ সাহাৰ্য্য প্ৰদান : বিধায়ক পদ্ম হাজৰিকাৰ ।

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাটৰ পৰা জোন বৰাৰ প্ৰতিবেদন: ২৫ জুলাই 
----------------------------------------
চতিয়া সমষ্টিৰ অন্তৰ্গত বান বিধ্বস্ত বগৰীবাৰী গাঁৱত আজিৰে পৰা প্ৰায় দহ দিন আগত বলিয়া বানৰ কবলত বিজু ওৰাং নামৰ যুৱক এজন থিতাতে নিহত হৈছিল । চলিত বানপানীৰ ফলত সংঘটিত এই ঘটনাই অত্যন্ত দৰিদ্ৰ পৰিয়ালটোলৈ আকস্মিক দুৰ্যোগ কঢ়িয়াই আনিছিল । খৱৰৰ ভিত্তিত অতি তৎপৰতাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে প্ৰশাসন দূৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হৈ সকলোবোৰ বুজ লৈ কালি  বিধায়ক পদ্ম হাজৰিকাই নিজ হাতেৰে স্বৰ্গীয় বিজু ওৰাঙৰ পিতৃ ফাকিৰা ওৰাঙৰ হাতত চাৰি লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । বিধায়ক পদ্ম হাজৰিকাই দৰিদ্ৰ পৰিয়ালটোৰ হৈ এই সাহাৰ্য্যভাগ প্ৰদান কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে দহ দিনৰ ভিতৰতে লোৱা এনে তৎপৰ ভূমিকাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰ্তজনৰ প্ৰতি তৎপৰতা, দায়বদ্ধতাই হৈছে আমাৰ দৃঢ় সংকল্প বুলি মন্তব্য প্ৰদান কৰে । জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা