ৰঙিয়াত ভয়াৱহ ভাৱে কোভিট-১৯ সংক্ৰমণপুনৰ ৯ গৰাকীৰ দেহত পজিটিভ

প্ৰতিবেদক, ৰঙিয়া ,২৯ জুলাইঃ


বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা মৃত্যুদূত ৰূপী কোৰোনা ভাইৰাছে ৰাজ্যখনৰ লগতে ৰঙিয়া মহকুমাটো কোভিড-১৯ৰ পজিটিভৰ সংখ্যা দিনকদিনে বৃদ্ধি পায় আছে৷ আজি মহকুমাটোৰ ৯ গৰাকীৰ কোৰোনা পজিটিভৰ সৈতে মহকুমাটোত কোভিড-১৯ পজিটিভৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২০০ জনলৈ বৃদ্ধি পালে৷আজি ৰঙিয়া চিভিল হস্পিটেলত ৯ গৰাকীৰ ৰেপিড এন্টিজেন টেস্ট কৰাৰ অন্তত ৩ গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। বৰমূৰাৰ লক্ষ্যজিৎ নমঃক্ষুদ্ৰ (৪৬ ),বিছেন্নালাৰ দিলীপ হালৈ (২৭ )আৰু ঘগ্ৰাপাৰৰ নয়ন বৈশ্য (৩০)। আনহাতে ৰঙিয়াৰ মডেল হস্পিতালত ৰঙিয়া টাউন ৭ নং ৱাৰ্ডৰ সুমিত্ৰা ৰাজবংশী(৫৩), শেৱালী বৈশ্য (৩৩) আৰু সীতাৰাৰ গীতাঞ্জলী কলিতা (৩৩) কোভিড পজিটিভ হোৱাৰ উপৰিও ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত ৫৪ গৰাকীৰ নমুনা পৰীক্ষাৰ পিছত পুনৰ তিনিগৰাকীৰ দেহত সংক্ৰমণ ধৰা পৰে ।তেওঁলোকক লগে লগে জিলাখনৰ কোভিট চিকিৎসালয়ত স্থানান্তৰ কৰা হয় বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা