হাগ্ৰামাই সংগীৰ অভাৱত অকল পত্নীক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছেঃ ইউ পি পি এল ৰ যুৱ শাখাৰ সভাপতি সোমনাথ নাৰ্জাৰীৰ কটাক্ষ

শালবাৰীত ইউ পি পি এলৰ যুৱ শাখাৰ জিলা-ব্লকভিত্তিক কৰ্মশালা সম্পন্ন

#হাগ্ৰামাই সংগীৰ অভাৱত অকল পত্নীক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছেঃ ইউ পি পি এল ৰ যুৱ শাখাৰ সভাপতি সোমনাথ নাৰ্জাৰীৰ কটাক্ষ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২২ জুলাইঃ "বিগত সোতৰটা বছৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কবলত থকা বিটিচিৰ সৰ্বস্তৰৰ ৰাইজ সকলো জাতি-জনগোষ্ঠীয়ে ন্যায় নাপালে। সৰ্বদিশে দুৰ্নীতি কৰা হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কেইগৰাকীমান সংগীয়ে বিটিচিবাসীক যিধৰণে অন্যায় কৰিলে সেয়া অপূৰণীয় ক্ষতি হ'ল। চাকৰি বা সংস্থাপনৰ ক্ষেত্ৰত, আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মক সঠিক বাট দেখুৱাব নোৱাৰিলে বিপিএফ দল-চৰকাৰৰ মুৰব্বীসকলে। যোগ্য প্ৰাৰ্থীক চাকৰি নিদি বহুতো অযোগ্য প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি দি অন্যায় কৰিলে হাগ্ৰামা বাহিনীয়ে।" -এইদৰে কয় ইউ পি পি এলৰ যুৱ শাখাৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে কালি শালবাৰীত অনুষ্ঠিত এখন দলীয় কৰ্মশালাত মুখ্য বক্তাৰ ভাষণত। ইউ পি পি এলৰ শালবাৰী জিলা ভিত্তিক বুথ পৰ্যায়ৰ নেতা-কৰ্মীয়ে উপস্থিত থকা কৰ্মশালাত সোমনাথ নাৰ্জাৰীয়ে ভাষণ প্ৰসংগত কয় যে, "হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ অন্যায়ৰ বলি হোৱা বিটিচিৰ সৰ্বস্তৰৰ ৰাইজে এইবাৰৰ বিটিচি নিৰ্বাচনত ইউ পি পি এল চৰকাৰ গঠন কৰাৰ সুযোগ দিবলৈ সাজু হৈছে। আগন্তুক সময়ত ইউ পি পি এল দল-চৰকাৰে ৰাইজক প্ৰাপ্য অধিকাৰ দিব। হাগ্ৰামা মহিলাৰীয়ে এতিয়া শেষ পৰ্যায়ত উপনীত হৈছে। কাৰণ, কোনোৱে সংগ নিদিয়া হাগ্ৰামা মহিলাৰীয়ে এতিয়া অকল তেওঁৰ পত্নীক লৈহে নিৰ্বাচনী প্ৰচাৰ চলাইছে।" ইউ পি পি এলৰ যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৰ সভাপতিত্বত দলৰ শালবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালাত ইউ পি পি এলৰ শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মছাহাৰী, কেন্দ্ৰীয় নেতা কনক চন্দ্ৰ বড়ো, সঞ্জয় ছোৱানচি, প্ৰদীপ সৰকাৰ, বিউটি বসুমতাৰী, দলৰ শালবাৰী জিলা সমিতিৰ সভাপতি যগেশ্বৰ বসুমতাৰী, সাংগঠনিক সম্পাদক আবু তাহেৰ, আব্দুল হাই তালুকদাৰ, তমচেৰ আলীকে ধৰি কেবাগৰাকীও নেতাই ভাষণ দিয়ে। উল্লেখ্য যে, কালি পৃথকে শালবাৰীৰ দলীয় কাৰ্যালয়ত শালবাৰী ব্লক ভিত্তিতো অকন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত অন্য এখন ইউ পি পি এলৰ যুৱ শাখাৰ বুথ পৰ্যায়ৰ নেতা-কৰ্মীৰ কৰ্মশালাতো দলৰ যুৱ-শাখাৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰীয়ে ভাষণ দিয়ে।

Comments