নগাঁওজিলা আইন সেৱা প্ৰাধিকৰণৰ বানপীড়িতক সাহায্য প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ,২৮ জুলাইঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু মহেশ্বৰী মহিলা সমিতি সহযোগত মঙলবাৰে জিলাখনৰ ৰহা সমষ্টিৰ অন্তৰ্গত চহৰী গাঁও পঞ্চায়তত বানপীড়িত ৰাইজৰ মাজত আত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু মহিলা-যুৱতীসকলৰ বাবে চেনিটেৰী নেপকিন বিতৰণ কৰা হয়। এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত জিলা আইন সেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তা শ্বাহনাজ চুলতানা, আইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰী বিতোপন কোঁৱৰ, নাৰায়ণ নাথ, পাপুমনি বৰা আৰু চহৰী গাঁও পঞ্চায়ৰ অৰ্ধ আইনী সহায়ক জান্টি দেৱীকে ধৰি বহুকেইজন লোক উপস্থিত থাকে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা