নগাঁৱৰ গৰৈমাৰীত বাইক-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুত্বৰভাবে আহত এক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুলাইঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ সমীপৰ গৰৈমাৰীত আজি সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোক গুৰুত্বৰভাবে আহত হয় ৷ প্ৰাপ্ত খবৰ মতে, নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ গৰৈমাৰীত নগাঁও চহৰৰ ফালৰ পৰা আহি থকা এ এছ ইউ ৪১৬৯ নম্বৰৰ তীব্ৰ বেগী ট্ৰাকখনৰ লগত ৰাইদঙীয়াৰ দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি থকা এ এছ-০১-এ এ ০৮৯২ নম্বৰৰ বাইকখনৰ মুখামুখি সংঘৰ্ষ লগাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত বাইক আৰোহী ৰাইদঙীয়াৰ দাঁতিকাষৰীয়া হাতীযুঁজোৱাৰ চিৰাজুল ইছলাম(৫০) গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে স্থানীয় ৰাইজে আহত বাইক আৰোহী লোকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁও চহৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ আচলতে ট্ৰাকৰ দৌৰাত্মৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা