নলবাৰীত পুনৰ মৰাপাগলদিয়াৰ তাণ্ডৱ

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩১ জুলাই*

এতিয়া মৰাপাগলাদিয়াৰ ভগা মঠাউৰীৰে প্ৰৱল গতিত অহা বানপানীয়ে নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ বহুতো গাঁও বুৰাই পেলাইছে । উল্লেখযোগ্য যে যোৱা জুন মাহতে নদীখনে দহকাউনীয়া গাঁৱৰ নবজ্যোতি হাইস্কুলৰ ওচৰত উত্তৰ বালিৰ পামৈপাৰা চুবুৰী আৰু শিয়ালমাৰীৰ বালি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ওচৰত মুঠতে তিনিঠাইত ভগা মঠাউৰীৰে তীব্ৰ গতিত বৈ অহা বানে ৰতনপুৰ-শিয়ালমাৰী- বালি-মুৰিকুছি-সন্ধেলী-বৰপীত-হাৰিভাঙা-ভোঁজকুছি আদি গাঁৱৰ কৃষিভূমি শেহতীয়াভাবে লাহে লাহে বুৰ যাবলৈ ধৰাত  কৃষকৰ মনত স্বাভাৱিকতেই দুশ্চিন্তাই দেখা দিছে ।শিয়ালমাৰী গাঁৱৰ ৰাজহুৱা হৰিমন্দিৰৰ পূবফালে থকা চুবুৰী আৰু কৃষ্ণপুৰী চুবুৰী তথা উত্তৰ বালিৰ নদীপাৰৰ পশ্চিম ফালৰ চুবুৰীৰ লগতে বালি উচ্ছমাধ্যমিক বিদ্যালয় আৰু মহাজনপাৰা(উত্তৰ বালি) বানত ক্ষতিগ্ৰস্ত হৈছে বুলিও জানিব পৰা গৈছে ।বানপানী নিশাৰ ভাগত আৰু বাঢ়িব পাৰে বুলি বানাক্ৰান্ত লোকে অভিমত প্ৰদান কৰিছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা