৫০ খন বিচনাৰে কৰ'ণা ৰোগীৰ বাবে সাজু কুসুমটোলা মডেল হস্পিতাল

 জামুগুৰিহাটত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি ।পুনৰ দুজন আক্ৰান্ত 
# ৫০ খন বিচনাৰে কৰ'ণা ৰোগীৰ বাবে সাজু কুসুমটোলা মডেল হস্পিতাল।

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,২৫ জুলাই:- দিন বাগৰাৰ লগে লগে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।অঞ্চলটোৰ পুৰণিভেটি গাঁওৰ পূৰ্ণ ঢোংগেল (৪৩) নামৰ এগৰাকী ব্যক্তি কালি নতুনকৈ কভিড-১৯ ত আক্ৰান্ত হৈছে ।দুদিন পূৰ্বে অৰুণাচলৰ ইটানগৰৰ পৰা জামুগুৰিহাটৰ ঘৰলৈ অহা ব্যক্তিজনৰ কালি ৰেপিড এন্টিজেন পৰীক্ষাত কভি'ড -১৯ ৰ উপস্থিত ধৰা পৰে ।আনহাতে আজি অঞ্চলটোৰ সৰুভগীয়া গাওঁৰ মুকুল বৰঠাকুৰ নামৰ চি আৰ পি এফত কৰ্মৰত যুবকজনৰ দেহত কভি'ড-১৯ ধনাত্মক পোৱা গৈছে ।মাতৃৰ বিয়োগৰ খবৰ পাই জন্মু কাশ্মীৰৰ পৰা ঘৰলৈ অহা যুৱকজনৰ আজি ৰেপিড এন্টিজেন টেষ্টত কভি'ড-১৯ৰ উপস্থিতি ধৰা পৰে ।  ইয়াৰ লগে লগে চতিয়া সমষ্টিটোত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পালে।ইফালে জামুগুৰিহাটৰ কুসুমটোলাত থকা কুসুমটোলা মডেল হস্পিতাল খন কভি'ড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰিত কৰাৰ পাছত যোৱা দুটা দিনত শোণিতপুৰ জিলা বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈকে ২৫ গৰাকী কভি'ড-১৯ ৰ উপস্থিতি ধৰা ব্যক্তিক মডেল হস্পিতাল খনত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে ।ইতিমধ্যে ৫০ গৰাকী কৰ'ণা ৰোগীক চিকিৎসা কৰিব পৰাকৈ কুসুমটোলা মডেল হস্পিতাল খন সাজু কৰি ৰখা বুলি জানিব পৰা গৈছে ।
জোন বৰা,
জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা