পত্নী-কন্যাক বিহপান কৰাই আত্মহত্যা কৰিলে মোনেশে
নিউজ ডেস্ক : লক ডাউনে বিধ্বস্ত কৰা দেশৰ দূৰ্বল অৰ্থনীতিৰ বাবেই সংঘটিত হল আন এক শোকাৱহ ঘটনা । কৰ্ণাটকৰ ধাৰবাৰৰ মোনেশ পট্টাৰা (৩৬)নামৰ লোকজনে পত্নী আৰু ৪ বছৰীয়া সন্তান বিহ খুৱাই মৃতদেহ কেইটাৰ সন্মুখত নিজেও আত্মহনন কৰে । প্ৰকাশিত বাতৰিমতে পট্টাৰে এটি ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিছিল । কোৰোনা ভাইৰাছ আৰু লক ডাউনৰ বাবৱ পট্টাৰে সংস্থাপন হেৰুৱাৰ ভয়ত মানসিকভাৱে ভাগি পৰিছিল। তাৰ মাজতে পত্নী আৰু ৪ বছৰীয়া জীয়ৰী জ্বৰত আক্ৰান্ত হৈ থকাত পট্টাৰে দুয়োগৰাকী কৰোণাত আক্ৰান্ত হোৱা বুলি অধিক আতংকিত হৈ পৰে। যাৰ ফলত গ্ৰহণ কৰে এই চৰম সিদ্ধান্ত।
Comments
Post a Comment