বঙাইগাঁও জিলাত কৰ'নাৰ ভয়াৱহ সংক্ৰমণ

বঙাইগাঁও জিলাত কৰ'নাৰ ভয়াৱহ সংক্ৰমণ 

একেদিনাই ৭৮ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

৪৭৯ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা 

বঙাইগাঁওঃ ২৬ জুলাইঃ বঙাইগাঁও জিলাত কৰ'না ভাইৰাছৰ সংক্ৰমণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত আজি একেদিনাই কোভিডত আক্ৰান্ত হৈছে ৭৮ জনকৈ ব্যক্তি ৷ যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ উল্লেখ্য যে বিগত ২৪  ঘণ্টাত নতুনকৈ ৭৮ জন ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৪৭৯ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত নতুনকৈ কোভিডত আক্ৰান্তসকল হ'ল ২০ জন চি আই এছ এফৰ জোৱান , ১৩ জন নিউ বঙাইগাঁও ৰে'লৱে কাৰখানাত কৰ্মৰত চাকৰিয়াল , ১১ জন আন্তঃৰাজ্য ভ্ৰমণ কৰা ব্যক্তি, ৮ জন অভয়াপুৰী আৰক্ষী থানাৰ আৰক্ষী , ২ জন মাণিকপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী, ১ জন বিশাল মেগামাৰ্টৰ কৰ্মচাৰী , ১ জন আৰ পি এফ, ১ জন আৰ পি এফৰ পৰিয়ালৰ সদস্য ,১ জন বঙাইগাঁও আৰক্ষী ৰিজাৰ্ভৰ , এজন বিদ্যুৎ কৰ্মী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসহ মুঠ ৪ জন , ১ জন ই - কমাৰ্চৰ ডেলিভাৰী দিয়া যুৱক , ১ জন গড়কাপ্তানী বিভাগৰ কৰ্মচাৰী , ফাৰ্মাচীৰ কৰ্মী আৰু পৰিয়ালৰ সদস্যসহ ৪ জন , ২ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কেন্দ্ৰৰ তত্বাৱধায়ক , ২ জন বেংকৰ কৰ্মচাৰী , ১ জন শিক্ষক , ১ জন ১০৮ এম্বুলেন্সৰ চালকৰ পিতৃ , ১ জন এফ চি আইৰ একাউণ্টচ' মেনেজাৰ ( পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা) আৰু  ৩ জন ব্যক্তি আছে ৷ নতুনকৈ আক্ৰান্ত আটাইকেইজন ৰোগীকে পুৱাৰ ভাগত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ ইপিনে জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত মুঠ ৪৭৯ জন ব্যক্তি আক্ৰান্ত হৈছে যদিও ইয়াৰে ভিতৰত ২১৭ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৭৫ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ৮৭  জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ উল্লেখ্য যে শনিবাৰে জিলাখনৰ ২৭ জন ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছিল আৰু জিলাখনৰ মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৪০১ জন ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা