শালবাৰীত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ , শিক্ষাবিদ , সমাজকৰ্মী, বিপিএফ, অৱড়ো কৰ্মীসহ ৫৩ গৰাকীৰ ইউ পি পি এলত যোগদান

শালবাৰীত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ , শিক্ষাবিদ , সমাজকৰ্মী, বিপিএফ, অৱড়ো কৰ্মীসহ ৫৩ গৰাকীৰ ইউ পি পি এলত যোগদান 
# সোতৰ বছৰে নদীৰ গৰাখহনীয়া ৰোধত ব্যৰ্থ হাগ্ৰামাই এইবাৰ বিপিএফৰ গৰাখহনীয়া ৰোধতো ব্যৰ্থ হ'বঃ সংখ্যালঘু কোষৰ সভাপতি হানিফ আলী আহমেদ  

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৪ জুলাইঃ ক'ভিড-১৯ ৰ ফলত বিটিচি নিৰ্বাচন স্থগিত আছে যদিও শালবাৰী সমষ্টিত ইউ পি পি এল দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত আছে। উল্লেখ্য যে, আজি ইউ পি পি এলৰ শালবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন দলীয় সভাত শালবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ , শিক্ষাবিদ, সমাজকৰ্মীৰ লগতে বিপিএফ দল আৰু অবড়ো সংগঠনৰ কৰ্মী-সমৰ্থকেও ইউ পি পি এলত যোগদান কৰে। ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ মহেন্দ্ৰ সূত্ৰধৰ , শিক্ষাবিদ ক্ৰমেঃ মজিবৰ ৰহমান, বিনোদ স্বৰ্গীয়াৰী, গুলজাৰ হুছেইন, আলী আমজাদ খান, প্ৰাক্তন এবছু নেতা হেমন্ত গয়াৰী, প্ৰাক্তন সৈনিক অনিল পাঠক , সমাজকৰ্মী ধনঞ্জয় তালুকদাৰ, জিতেন কলিতা, মুকুন্দ দাস, সঞ্জয় তালুকদাৰ, ৰঞ্জিত মেধি, পদুমী দাস, কানন দাস, সাবিত্ৰী দাস, বিপিএফৰ কৰ্মী ক্ৰমেঃ অজয় দাস, মিথুন বৰ্মন, হৰি বৰ্মন , ধনঞ্জয় বৰ্মন, ৰমনী সৰকাৰ, চনক বৰ্মন, নৱ বৰ্মনকে ধৰি ১৮ গৰাকী বিপিএফৰ কৰ্মী সমৰ্থকে ইউ পি পি এলত যোগদান কৰে। তদুপৰি প্ৰমোদ কলিতা , প্ৰীতম কলিতা, হুমেশ্বৰ তালুকদাৰ, পুলকেশ বায়ন, প্ৰবাল দাস, বিজু কাকতি, জিতুল অধিকাৰীকে ধৰি ১৭ গৰাকী যুৱকেও ইউ পি পি এলত যোগদান কৰে। উল্লেখ্য যে, ইউ পি পি এলৰ যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিত বড়োৱে আঁ‌ত ধৰা সভাত ভাষণ দি দলটোৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতি হনিফ আলী আহমেদে  তেওঁৰ ভাষণত কয় যে- "বিটিচিত এতিয়া নদীৰ গৰাখহনীয়া চলি থকাৰ সমান্তৰালভাৱে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত চলিছে প্ৰৱল গৰাখহনীয়া। বিগত সোঁ‌তৰটা বছৰে বিটিচিত চলা নদীৰ গৰাখহনীয়া ৰোধত ব্যৰ্থ হাগ্ৰামা মহিলাৰীয়ে এইবাৰ নিজৰ দলত হোৱা খহনীয়া ৰোধতো ব্যৰ্থ হ'ব । লগতে নিছিহ্ন হ'বলৈ ধৰিছে অৱড়ো সংগঠন। ইউ পি পি এলৰ গৌৰৱময় জয়ী হ'ব এইবাৰৰ বিটিচি নিৰ্বাচনত। ইউ পি পি এলৰ শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মছাহাৰী , দলৰ নেতা কনক বড়ো , সুধিন বডোছা , যগেশ্বৰ বসুমতাৰীয়ে ভাষণ দিয়া সভাত দলটোৰ কেন্দ্ৰীয় নেতা ক্ৰমেঃ সদাগৰ বাদছাহ , বিউটি বসুমতাৰী , আবু তাহেৰ , গিলবাৰ্ট নাগ, সঞ্জীৱ ছোৱনচি, আব্দুল হাই তালুকদাৰ , গোপাল দাস আদিকে ধৰি কেইবাগৰাকীও নেতা- কৰ্মীয়ে উপস্থিত থাকে। আজি ইউ পি পি এলত নতুনকৈ যোগদান কৰাসকলক দলটোৰ শালবাৰী জিলা সমিতিৰ তৰফৰ পৰা উষ্ম আদৰণি জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা