ডিগবৈত ৰাষ্ট্ৰীয় মানব অধিকাৰ সন্থাৰ সম্পাদক কমল ৰাজ ছেত্ৰীক গ্ৰেপ্তাৰ

ডিগবৈত ৰাষ্ট্ৰীয় মানব অধিকাৰ সন্থাৰ সম্পাদক কমল ৰাজ ছেত্ৰীক গ্ৰেপ্তাৰ।
চোৰাং কয়লা, কাঠ, চুপাৰী, পান আদিৰ ছিণ্ডিকেটত জড়িত, ব্লেকমেইলেৰে ব্যৱসায়ীক ধনদাবীত জড়িত কমলক বাসগৃহৰ পৰাই তিনিচুকীয়া আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ।

 ডিগবৈ সবালিজানৰ নিবাসী তথা দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী কমল ৰাজ ছেত্ৰীক ৰাজ্যখনত চলি থকা চোৰাং কয়লা, কাঠ, চুপাৰী, পানৰ ছিণ্ডিকেটত আৰু বিভিন্ন পন্থাৰে তিনিচুকীয়াৰ একাংশ ব্যৱসায়ীক ব্লেকমেইলিংৰ দ্বাৰা ধনদাবী কৰি ধন সংগ্ৰহত জড়িত থকাৰ অভিযোগৰ ভিত্তিত কালি নিশাৰ ভাগত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, অসমৰ আগশাৰীৰ এটা বৈদ্যুতিন মাধ্যমৰ নিউজ চেনেলৰ সাংবাদিক হিচাপে জহাই ফুৰাৰ লগতে চেনেলৰ মালিকপক্ষৰ লগত গোপন বুজাবুজি থকা এইজনা তথাকথিত ছেত্ৰীয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ ও অপৰাধ নিয়ন্ত্ৰণ সংগঠন নামৰ এটা সংস্থাৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপেও দায়িত্ববহন কৰি নিজকে সৰ্বত্ৰে চিনাকী দি বিভিন্ন উৎসৰ পৰা ব্লেকমেইলিংৰে ধন সংগ্ৰহ কৰি আহিছিল। অৱশেষত তিনিচুকীয়াৰ একাংশ ব্যৱসায়ীৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে বহু প্ৰতিক্ষাৰ অন্তত যোৱা নিশা ছেত্ৰীক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

তিনিচুকীয়াৰ পৰা অৰূপ কলিতাৰ প্ৰতিবেদন।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা