মাজুলীত বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্তৰ সংখ্যা:মাজুলীত পুণৰ ৯ গৰাকী ক'ভিড-১৯ত আক্ৰান্ত
মাজুলীত বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্তৰ সংখ্যা:মাজুলীত পুণৰ ৯ গৰাকী ক'ভিড-১৯ত আক্ৰান্ত: সংক্ৰমিতৰ সংখ্যা ৪০লৈ বৃদ্ধি :
পৰাণজ্যোতি বৰা, মাজুলী, ১০ জুলাই:
ৰাজ্যত ক'ৰণাই লৈছে ভয়াবহ ৰূপ। ক'ৰণা প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰে লোৱা সকলো প্ৰদক্ষেপ যেন বিফল কৰি ৰাজ্যত গণ সংক্ৰমণ ৰূপ লৈছে ক'ৰণা মহামাৰীয়ে। মাজুলীটো ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।মাজুলী জিলাত বিগত ২৪ ঘণ্টাত নতুনকৈ নগৰাকী লোক ক'ভিড-১৯ সংক্ৰমিত হিচাপে চিনাক্ত হৈছে। ইয়াৰে দুগৰাকী গড়মূৰৰ বংশীগোপাল নাট্যমন্দিৰত জিলা প্ৰশাসনে স্থাপন কৰা জিলাস্তৰীয় ক'ভিড-১৯ স্ক্ৰীণিং কেন্দ্ৰত আজি কৰা ৰেপিড এণ্টিজেন টেষ্টত সংক্ৰমিত হিচাপে নিশ্চিত হোৱাৰ বিপৰীতে আন সাতগৰাকীৰ ক্ষেত্ৰত যোৰহাটৰ চিএছআইআৰ-এনইআইএছ পৰীক্ষাগাৰত কৰা শ্বুৱাব পৰীক্ষাত যোৱা নিশা ক'ভিড-১৯ 'প'জিটিভ' ফলাফল ওলায়। দেওবাৰে গড়মূৰত ৰেপিড এণ্টিজেন টেষ্টত প'জিটিভ ওলোৱা লোক দুগৰাকী হৈছে বেঙেনাআটী সত্ৰৰ অনিৰ্বাণ দত্ত (৩৫ বছৰ) আৰু মোৱামাৰীৰ দেৱজিত পেগু (২৯ বছৰ)। বেঙেনাআটীৰ দত্ত অলপতে যোৰহাটৰ পৰা অহাৰ বিপৰীতে মোৱামাৰীৰ পেগু দিল্লীৰ পৰা বিমানেৰে ডিব্ৰুগড় হৈ আহি আজি গড়মূৰৰ জিলাস্তৰীয় ক'ভিড-১৯ স্ক্ৰীণিং কেন্দ্ৰত উপস্থিত হৈছিল। আনহাতে, শ্বুৱাব পৰীক্ষাৰ আধাৰত ক'ভিড-১৯ সংক্ৰমিত হিচাপে চিনাক্ত হোৱা সাতগৰাকী লোক হৈছে বিষ্ণুপুৰৰ অনু দত্ত (৫৬ বছৰ) আৰু মানসজ্যোতি দত্ত (২৫ বছৰ), পকাজৰাৰ ৰবীন শইকীয়া (৪০ বছৰ), গোসাঁইবাৰীৰ জয়ন্ত শইকীয়া (২০ বছৰ), ধাপাকৰ বিক্ৰম গাম (২৫ বছৰ), নতুন দেউদিআটীৰ অতুল হাজৰিকা (৫৮ বছৰ) আৰু দিব্যজ্যোতি হাজৰিকা (২৫ বছৰ)। এই সাতগৰাকীৰ ভিতৰৰে বিষ্ণুপুৰৰ দুগৰাকী গুৱাহাটীৰ পৰা নিজৰ ঘৰলৈ অহাৰ বিপৰীতে আন পাঁচগৰাকী বহিঃৰাজ্যৰ পৰা অলপতে গৃহজিলা মাজুলীলৈ উভতি আহি প্ৰতিষ্ঠানিক কুৱাৰেণ্টিনত আছিল। ক'ভিড-১৯ সংক্ৰমিত হিচাপে নতুনকৈ চিনাক্ত হোৱা আটাইকেইগৰাকী লোককে ইতিমধ্যে মাজুলীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে এই ৯গৰাকীকে ধৰি মাজুলী জিলাৰ এতিয়ালৈকে মুঠ ৪০ গৰাকী লোক এই অতিমাৰীত আক্ৰান্ত হৈছে। অৱশ্যে, ইয়াৰে ২২গৰাকী আক্ৰান্তই ইতিমধ্যে সম্পূৰ্ণ আৰোগ্য হৈ ঘৰলৈ ঘূৰি গৈছে। আনহাতে, শেহতীয়া ৯গৰাকীসহ বৰ্তমান ১৮ গৰাকী সংক্ৰমিত লোক চিকিৎসাধীন হৈ আছে।
পৰাণজ্যোতি বৰা, মাজুলী।
Comments
Post a Comment