পৱিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰত চকলাঘাটৰ ঐতিহ্যমণ্ডিত গৌৰিনাথ শিৱ মন্দিৰত ভক্তৰ পূজা - অৰ্চনা
দেৱব্ৰত বৰা,২০ জুলাই: দেৱাদি দেৱ মহাদেৱ শিৱবাবাৰ পবিত্ৰ মাহ শাওন মাহ। অাজি শাওন মাহৰ প্ৰথমটো সোমবাৰ। বিশ্বত ক'ৰনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টী কৰাৰ পৰিপেক্ষিতত ৰাজ্যত বলবৎ হোৱা সকলো চৰকাৰী নীতি- নিৰ্দেশনা ৰাইজে মানি চলি শিৱ বাবাৰ অাশীৰ্ষ গ্ৰহন কৰিলে নগাঁও জিলাৰ চকলাঘাটৰ ঐতিহ্যমণ্ডিত গৌৰিনাথ শিৱ মন্দিৰত। পুৱাৰ পৰা অগনন ভক্তৰ সমাবেশেৰে উদুলি মুদুলি পৰিৱেশৰ মাজেৰে অাধ্যাত্মিক পৰিৱেশৰ সুচনা হয় গৌৰিনাথ শিৱ মন্দিৰত। শাৰিৰীক ব্যবধান অখুন্ন ৰাখি সকলোৱে বাবাৰ অাৰ্শীষ গ্ৰহন কৰিবলৈ গৌৰিনাথ শিৱমন্দিৰত উপস্থিত হোৱা পৰিলক্ষিত হ'ল।
Comments
Post a Comment