বঙাইগাঁৱত চুৰি কৰি নিব নোৱাৰি এৰি থৈ যোৱা মটৰ চাইকেল পুনৰ নিবলৈ আহি ধৰা পৰিল চোৰ
বঙাইগাঁওঃ ২২ জুলাইঃ চুৰি কৰি নিব নোৱাৰি এৰি থৈ যোৱা মটৰ চাইকেল এখন পুনৰ নিবলৈ আহি ধৰা পৰিল মটৰ চাইকেল চোৰ ৷ এতিয়া বপুৰা হ'ল জেলৰ আলহী ৷ চোৰজনৰ নাম ৰাহুল আমিন ৷ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত ৷ উল্লেখ্য যে ২০ জুলাইত বৰপেটাৰ ৰুবুল ইছলাম নামৰ যুৱকজন অভয়াপুৰীলৈ অহাৰ পিচত আবেলিৰ ভাগত এ এচ ১৫ এফ ৯৬৩২ নম্বৰৰ ৰঙা ৰঙৰ পালছাৰ মটৰ চাইকেলেৰে বঙাইগাঁও চহৰলৈ বজাৰ কৰিবলৈ আহিছিল ৷ বঙাইগাঁও চহৰৰ কাৰ্ণিষ্টোৰ নামৰ কাপোৰৰ দোকানৰ সন্মুখৰ পথৰ দাঁতিৰ পাৰ্কিঙৰ ঠাইত মটৰ চাইকেলখন থৈ দোকানত সোমাইছিল ৰুবুল ইছলাম ৷ বৰষুণ দি থকাত দোকানতে ভালেখিনি সময় আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল ৰুবুল ৷ পিচত দোকানৰ পৰা ওলাই আহি মটৰ চাইকেলখন উক্ত স্থানত নেদেখি চুৰি হোৱা বুলি সন্দেহ কৰে ৷ লগে লগে দোকানৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে আৰু তেতিয়াই হালধীয়া গেঞ্জী পৰিহিত যুৱক এজনে মটৰ চাইকেলখনৰ লক খুলিবলৈ চেষ্টা কৰি থকা দেখিবলৈ পায় আৰু চুৰি কৰি নিয়াটো ধৰা পৰে ৷ লগতে আন এজন প্ৰত্যক্ষদৰ্শীয়ে এজন যুৱকে মটৰ চাইকেল এখন ঠেলি ঠেলি নিয়া বুলি কয় ৷ ইয়াৰ পিচতে ৰুবুলে এখন স্কুটীলৈ চহৰখনৰ বিভিন্ন স্থানত বিচাৰে যদিও কোনো সন্ধান নাপালে ৷ যুৱকজনে পিচত মটৰ চাইকেল চুৰি সন্দৰ্ভত বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ ইপিনে সিদিনাই নিশা ১০ঃ২০ মান বজাত বৰপাৰা ছহিদবেদীৰ দোকান এখনৰ সন্মুখত এখন গৰাকী বিহীন ৰঙা ৰঙৰ পালছাৰ মটৰ চাইকেল দেখি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে ৷ অৱশ্যে মটৰ চাইকেলখন স্থানীয় লোকৰ হ'ব বুলি সকলোৱে ভাৱি তাতে থাকিবলৈ দিয়ে ৷ কিন্তু পিচদিনা অৰ্থাৎ মঙলবাৰে আবেলি ৩ মান বজাত এজন যুৱকে মটৰ চাইকেলখন নিব আহে ৷ যুৱকজনে সন্মুখনৰ দোকানীজনক মচৰ চাইকেলখন নিবলৈ অহা বুলি কোৱাত দোকানীজনে মটৰ চাইকেলখন কাৰ বুলি সোধে ৷ যুৱকজনে নিজৰ বুলি কয় ৷ কিন্তু চাবি নাই বুলি কৈ ককায়েকৰ লগত আছে বুলি কয় ৷ এই কথাত দোকানীজনৰ যুৱকজনৰ ওপৰত সন্দেহ জন্মে আৰু ককায়েক ক'ত আছে বুলি দোকানীজনে পুনৰ প্ৰশ্ন কৰে যুৱকজনক ৷ তেতিয়া যুৱকজনে ককায়েক হোটেলত থকা বুলি কয় ৷ তেনেতে আৰক্ষীৰ লোক উপস্থিত হৈ যুৱকজনক মটৰ চাইকেলখনৰ বিষয়ে প্ৰশ্ন কৰাত যুৱকজনে মটৰ চাইকেলখন এৰি উক্তস্থানৰ পৰা পলায়ণ কৰে ৷ পিচত স্থানীয় লোকে খেদি খেদি যুৱকজনক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ চোৰক কৰায়ত্ত কৰিবলৈ যোৱা এজনে চোৰৰ কামোৰো খাবলগীয়া হয় ৷ উল্লেখ্য যে ২০ জুলাইত কাপোৰৰ দোকানৰ সন্মুখৰ পৰা চুৰি হোৱা পালছাৰ মটৰ চাইকেলখনেই এইখন আছিল৷ চোৰে তেল শেষ পোৱাত নতুবা কিবা কাৰণত নিব নোৱাৰি ছহিদ বেদীৰ দোকানৰ সন্মুখনত এৰি থৈ গৈছিল ৷চোৰৰ আছিল কপাল বেয়া নিব আহি পৰিল ধৰা ৷ ধৃত চোৰজনৰ নাম ৰাহুল আমিন ( ২২) আৰু ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চোচলাকাণ্ডা দ্বিতীয় খণ্ডত ঘৰ ৷ আৰক্ষীয়ে ইতিমধ্যে বঙাইগাঁও থানাত ৰুজু কৰা ৫০২/২০ গোচৰৰ ভিত্তিত ধৃত চোৰজনক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰে ৷ আনহাতে আৰক্ষীয়ে চুৰি হোৱা মটৰ চাইকেলখনৰ গৰাকীক থানালৈ মাতি আনি উদ্ধাৰ হোৱা মটৰ চাইকেলখন গতাই দিয়ে ৷
প্ৰণৱ কুমাৰ ডেকা
Comments
Post a Comment