ধৰ্মপ্ৰাণা মহিলা তৰুলতা দেৱীৰ মৃত্যু





ষ্টাফৰিপৰ্টাৰ,৩০জুলাই: দৰঙৰ দিপীলা অঞ্চলৰ আলিখাপাৰা নিবাসী ধৰ্মপ্ৰাণা সাদৰী মহিলা, সফল মাতৃ তৰুলতা দেৱীৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা ৭৯বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়।দুনী মজলীয়া বিদ্যালয়ৰ একালৰ কৃতী প্ৰধান শিক্ষক ,সমাজকৰ্মী প্ৰয়াত জগৎ চন্দ্ৰ শৰ্মাৰ সহ:ধৰ্মিণী তৰুলতা দেৱীয়ে মৃত্যুৰ সময়ত ছয়গৰাকী উচ্চ শিক্ষিত তথা উপযুক্ত পুত্ৰ আৰু ছয়জনী বোৱাৰী, এগৰাকী জী আৰু জোঁৱাই , নাতি-নাতিনী সমন্বিতে বহুতো ইষ্ট-মিত্ৰ আৰু গুণমুগ্ধক এৰি থৈ যায়।সৰবৰহী মহিলা গৰাকীৰ বিয়োগত দিপীলা ব্ৰাহ্মণ খেল,দিপীলা জগদ্ধাত্ৰী পূজা সমিতি, দিপীলা শাখা সাহিত্য সভাকে ধৰি ভালেমান অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।উল্লেখযোগ্য প্ৰয়াত দেৱীক তেওঁ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে দিপীলা জগদ্ধাত্ৰী পূজা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহী তৰুলতা দেৱীয়ে নিজৰ জীৱনক লৈ লিখা "এৰি অহা সময়"নামৰ গ্ৰন্থখন যোৱা ২৭জুনত নিজা ঘৰত উন্মোচন কৰা হৈছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা