শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনত ৪৬ টা কন্টেইনমেন্ট জ'ন ঘোষণা

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ৩০ জুলাই : শিৱসাগৰত দৈনিক বৃদ্ধি পাইছে  ক'ভিড ১৯ আক্ৰান্ত সংখ্যা।  শিৱসাগৰত বহুকেইগৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে ক'ভিড১৯ । ইয়াৰে তিনিগৰাকী আখৈফুটীয়াৰ, দুগৰাকী বানমুখ চেতীয়া গাৱৰ পুৰুষ-মহিলাৰ উপৰিও এগৰাকী বহিঃৰাজ্যৰ পৰা অহা ব্যক্তি আৰু তিনিগৰাকী শিৱসাগৰ জিলাৰ ( সীমা সুৰক্ষা ) অতিৰিক্ত আৰক্ষী অধীক্ষকৰ গাড়ী চালকৰ লগতে এজন দেহৰক্ষী আৰু এজন  গৃহৰক্ষীৰ যোৱানৰ দেহত । লগে লগে প্ৰশাসনৰ তৰফৰ পৰা চালকজনৰ লগতে দেহৰক্ষীৰ চৰকাৰী আবাসগৃহ চেনিটাইজ কৰি কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে। 

 শিৱসাগৰ জিলা প্ৰশাসনে আটাইকেইটা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে। 

জিলা প্ৰশাসনৰ চেনিটাইজিং আৰু কন্টেইনমেন্ট বিভাগৰ দায়ীত্বৰত বিষয়াৰ পৰা জানিব পৰা মতে শিৱসাগৰত বৰ্তমানলৈকে সৰ্বমুঠ ৪৯ টা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। তাৰোপৰি প্ৰতি দিনে বিভিন্ন অঞ্চলত জিলা প্ৰশাসনৰ তৰফৰ পৰা চেনিটাইজিং কৰা হয় বুলি জানিবলৈ দিয়ে ৰহমানে। 
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা