নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং বালি ভৰ্তি ট্ৰাক জব্দ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুলাইঃ নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলাখনৰ কামপুৰৰ বকুলগুৰী দলঙৰ সমীপৰ পৰা বধবাৰে অভিযান চলাই তিনিখনকৈ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, এ এছ-০৯-এ চি ২২৫৮, এ এছ-০৯-এ চি ১৪৯০ আৰু এ এছ-০২-চি চি ২২৯০ নম্বৰৰ ট্ৰাক কেইখনে অবৈধ ভাৱে দীৰ্ঘদিন ধৰি বালি সৰবৰাহ কৰি আহিছিল ৷ এই বিষয়ে গোপন সূত্ৰে জানিব পাৰি অতৰ্কীতে অভিযান চলাই নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়াৰ তৎপৰতাত এই তিনিখনকৈ চোৰাং বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

Comments