শিৱসাগৰৰ বকতাত দুই দুৰ্ধৰ্ষ গৰু চোৰ আটক

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট,  নাজিৰা, ২৬ জুলাই 

যোৱা বহুদিন ধৰি গৰু চুৰি কাৰ্য সংঘটিত কৰি বকতাৰ বিভিন্ন গাঁৱৰ লগতে শিৱসাগৰ জিলাৰ বহু ঠাইৰ ৰাইজৰ চকুৰ টোপনি হৰণ কৰি অহা গৰু চুৰি চক্ৰটোৰ দুটা দুৰ্ধৰ্ষ গৰু চোৰক দেওবাৰে পুৱা বকতানেমুগুৰি থানাৰ আৰক্ষীয়ে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, যোৱা জুন মাহত গৰু চোৰৰ এটা দলে বকতা পাৰিজাতত পথত এৰি থৈ যোৱা এখন বাহনৰ ভিত্তিত বকতানেমুগুৰি থাানাৰ আৰক্ষী বিষয়া লালা আলিয়ে তৎপৰতাৰে তদন্ত কৰি দেওবাৰে পুৱা ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত জাপিসজীয়া ৰাজমাই গাঁৱৰ পৰা ইছমাইল আলিৰ পুত্ৰ ইকবাল আলি(বদং)৩৬, মুজিবুৰ ৰহমানৰ পুত্ৰ মবিনুৰ ৰহমান(মুনমুন)৩০ নামৰ দুটা দুৰ্ধৰ্ষ গৰু চোৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কেছ নং- ২৯/২০২০, ধাৰা- ৩৭৯ মৰ্মে গ্ৰেপ্তাৰ কৰা গৰু চোৰ দুটাক আজি স্বাস্হ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰাৰ কথা জানিব পৰা গৈছে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে ইয়াৰ পূৰ্বেও থানাত চুৰিৰ গোচৰ থকা ইকবাল আলি(বদং)ৰ সহযোগী আন এটা গৰু চোৰ এতিয়াও পলাতক অৱস্হাত আছে। শেহতীয়াকৈ বকতা নেমুগুৰি আৰক্ষী থানাত নৱনিযুক্ত এ এছ আই লালা আলিৰ পদক্ষেপক বকতাবাসীয়ে আদৰণি জনাইছে ৷
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা