গোলাঘাটত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে শুভাৰম্ভ কৰে সাহিত্য মনিষী উপবন

মীনাক্ষী ফুকন : গোলাঘাটত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে শুভাৰম্ভ কৰে সাহিত্য মনিষী উপবন। ভৱিষ্যত প্ৰজন্মৰ সুবিধাৰ্থে অসমৰ বিভিন্ন জিলাত ২৪ খন সাহিত্য মনিষী উপবনৰ ব্যৱস্থা। এই উপবনত উপলব্ধ হ'ব ফলমূল, ঔষধি উদ্ভিদৰ উপৰিও বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য উদ্ভিদ। অসমৰ তৃতীয় খন সাহিত্য মনিষী উপবন উদ্বোধন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে।
       গোলাঘাটৰ নামবৰ বনাঞ্চলত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। নামবৰ বনাঞ্চলৰ গাতে লাগি থকা যুৰিয়া দলঙত বনমন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ প্ৰস্তাৱিত সাহিত্য মনিষী উপবন।  ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, সৰুপথাৰৰ বিধায়িকা ৰ'জলিনা তিৰ্কীৰ উপস্থিতিত সাহিত্য মনিষী উপবন উদ্বোধন কৰা হয়। এই উপবনত এহাজাৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ লক্ষ্য যদিও প্ৰথম অৱস্থাত ৩৭০ জোপা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰা হয়। এই উপবনত মাটিৰ অভাৱৰ বাবে ইচ্ছা থাকিও গছপুলি ৰোপণ কৰিব নোৱাৰা লোকে গছপুলি ৰোপণ কৰাৰ লগতে পুলি নিয়াৰো ব্যৱস্থা থাকিব। । হাতী মানুহৰ সংঘাত চৰকাৰে ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। বৰ্তমান অসমত ২শ ২২ বৰ্গ কিলোমিটাৰ সেউজীয়া পৰিৱেশ বৃদ্ধি পাইছে। গতিকে এই দৰে বৰ্ধিত সেউজীয়া পৰিৱেশে হাতী মানুহৰ সংঘাত কমাব বুলি সাংবাদিকক জনাই বনমন্ত্ৰী গৰাকীয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা