নলবাৰীৰ এগৰাকী সামূহিক চিকিৎসা বিষয়াৰ ব্যতিক্ৰমী প্ৰয়াসত উৎফুল্লিত চিকিৎসাধীন ক'ভিড ৰোগীসকল

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ জুলাই*


ক'ভিড-১৯ মহামাৰীৰ ক্ৰমশঃ বৰ্ধিত সংক্ৰমণৰ হাৰে দেশ তথা ৰাজ্যৰ লগতে নলবাৰী জিলাতো ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । গতিকে ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ নলবাৰী পৌৰসভা আৰু টিহু টাউন কমিটী এলেকাত নিৰ্দিষ্ট কিছুমান নিৰ্দেশনা জাৰি কৰিছে ।
তাৰ মাজতে এগৰাকী স্বাস্থ্যকৰ্মীয়ে দেখুৱালে এক উৎসাহজনক কাৰ্য ৷  স্বাস্থ্যকৰ্মীগৰাকী হ'ল পশ্চিম নলবাৰীৰ নিজ পকোৱা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া ডা৹ প্ৰিয়ম কুমাৰ ছাগ্ৰাৱলী ৷ এই সময়তে নলবাৰী জিলাৰ বেলশৰ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক'ভিড ৰোগীসকলক শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিৰ বাবে সমূহ বিষয়া-কৰ্মচাৰীৰ সহযোগত স্বাস্থ্যকৰ্মীগৰাকীয়ে দেখুৱালে এক ব্যতিক্ৰম প্ৰয়াস ৷ নিয়মমাফীক চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও ৰোগীসকলৰ লগতে বিভিন্ন কথাবাৰ্তাৰে মত বিনিময় কৰাৰ লগতে প্ৰতিগৰাকী ৰোগীৰ সৈতে সুন্দৰ আৰু আত্মীয়ভাবে ভাব বিনিময়ো কৰে আৰু উৎসাহী কৰি তোলে ৷ ৰোগীসকলক প্ৰত্যেককে নিজৰ তৰফৰ পৰা বিস্কুত আদিও প্ৰদান কৰে ৷ ৰোগীসকলৰ সৈতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি গাই মানসিকভাবে সবল কৰাৰো প্ৰচেষ্টা চলায় ৷ ৰোগীসকলৰ ভিতৰত কণমানি শিশু এগৰাকীৱেও এটি গীত গাই উৎফুল্লিত হৈ পৰে ৷ ৰোগীসকলৰ লগতে  সচেতন মহলে স্বাস্থ্যকৰ্মীগৰাকীৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে ৷ এই বাৰ্তা সৰ্বত্ৰে বিয়পি পৰক- এয়াই এই প্ৰতিবেদনৰ উদ্দেশ্য ৷



*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা