নলবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন বিধায়ক অশোক শৰ্মা আৰু নাৰায়ণ ডেকাৰ

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১ আগষ্ট*


নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰী আকনা আৰু দোদেতীয়া আদিত নোনা নৈয়ে পশ্চিম দিশে ভয়াৱহ খহনীয়া ৰূপ ধাৰণ কৰি থকাৰ সময়তে শুক্ৰবাৰে পুৱা জলসম্পদ বিভাগৰ খীৰতি গাইত পৰিণত বুৰবুৰীত নোনা নৈৰ মথাউৰি ছিঙি পেলোৱাত বনভাগ-বৰভাগ অঞ্চলৰ অৰ্ধশতাধিক গাঁও বানত প্লাৱিত হৈ পৰে । নোনা নৈখনৰ মথাউৰিৰ এনেদৰে বুৰবুৰীত প্ৰায় ৫০ মিটাৰ ছিঙি যোৱাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰা দেখা গৈছে । ইতিমধ্যে বুৰবুৰীত নৈখনৰ বাঢ়নী পানীয়ে মথাউৰিছোৱা ছিঙি পেলোৱাত বুৰবুৰী, নিজখগটা, বিলপাৰ, চিলিং, বাঘমাৰা, কটকীয়া, লাটিমা, জাৱৰিহাটী, ৱৰজাৱৰিহাটী, আমৰা, ধনৰা, নাৰপাৰা, দতৰা, ননৈ, বড়িদদৰা, বড়িগাঁও, চতমা, লৰমা, বটাকুছী, থানবাটকুছি, বৰখালা, দেহাৰকুছিকে ধৰি বনভাগ-বৰভাগ অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁঁও বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে বুৰবুৰী গাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোত নৈখনৰ বাঢ়নী পানী সুমুৱাই পুখুৰীৰ মাছ, কৃষি ভুমি, মানুহ থকা ঘৰ, বাট-পথৰ বিস্তৰ ক্ষতিসাধন কৰিছে । উল্লেখ‍্য‍ যে বিগত কিছুদিন ধৰি নিশা বুৰবুৰীত নোনা নৈৰ মথাউৰিটোৰ ওপৰেদি বাঢ়নী পানী বৈ অহাত ৰাইজে বস্তাত মাটি ভৰাই মথাউৰিত আঁঁৰি দি বিপদৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছে যদিও নলবাৰী জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰতুুল পাটোৱাৰীসহ কোনো এজন বৰমুৰীয়া তথা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে যদিও মথাউৰি ছিঙি যোৱাৰ পিছত নলবাৰীৰ বিধায়ক অশোক শৰ্মা আৰু নাৰায়ণ ডেকাই উক্ত স্থানত উপস্থিত হোৱাত ৰাইজ শান্ত হয় । বিধায়ক দুয়োগৰাকীয়ে বুৰবুৰী ভগ্ন মথাউৰি পৰিভ্ৰমণ কৰি নলবাৰী জলসম্পদ বিভাগৰ বিষয়া আৰু ৰাইজৰ লগত মিলিত হৈ কি ধৰণে তৎকালীনভাৱে মথাউৰিছোৱা বান্ধিব পাৰি তাক লৈ এক আলোচনা মিলিত হয় । লগে লগে স্থানীয় ৰাইজে কোনো ঠিকাদাৰক এই কামৰ দায়িত্ব অৰ্পণ নকৰি ৰাইজক নিজকে  কৰিবলৈ দিবলৈ বিধায়কক দাবী কৰে । সেই মৰ্মে স্থানীয় ৰাইজৰ দ্বাৰা উক্ত দিনাই দিনৰ ১১ মান বজাৰ পৰা মথাউৰি বান্ধৰ কাম আৰম্ভ কৰিছে । নলবাৰী জলসম্পদ বিভাগৰ বিষয়াৰ নিৰ্দেশমৰ্মে ৰাইজে প্ৰথমে নৈখনে গতি সলনি কৰা স্থানসমুহত বাঁহৰ বান্ধ দিয়াৰ কাৰ্য আৰম্ভ কৰিছে । উল্লেখ‍্য‍ যে বিগত দিনসমূহত উক্ত স্থানত ব্যাপক খহনীয়াৰ সৃষ্টি কৰাৰ পিছতো নলবাৰীৰ জলসম্পদ বিভাগে হাত সাবটি বহি থকা কাৰ্যই অঞ্চলটোৰ ৰাইজক ক্ষুদ্ধ কৰি তুলিছে । খৰালিৰ সময়ছোৱাত হাত সাৱটি বহি থকা জলসম্পদ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো এনে অৱহেলা কৰি থকা তথা গুৰুত্ব নিদিয়াত আজি যে ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে সেয়া এক জলন্ত প্ৰমাণ বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে । উল্লেখ‍্য‍ জলসম্পদ বিভাগৰ খীৰতি গাইত পৰিণত নোনা নৈৰ মথাউৰিত প্ৰতিবছৰে কৌটি কৌটি টকা ধাৰ্য কৰি বাৰিষা নিম্নমানৰ কাম কৰি আমোলা-বিষয়া, ঠিকাদাৰে মিলি চৰকাৰী ধন হজম কৰি আহিছে বুলি চৰ্চিত হৈছে।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা