পশ্চিম জামুগুৰি সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা

ৰেবতি মোহন হাজৰিকাৰ কাব্য সংকলন 'প্ৰভাতী পক্ষী' উন্মোচন 


 ফাৰ্ষ্ট নিউজ জামুগুৰিহাট, ২৫ জুলাইঃ কৰ'নাৰ ভয়াবহতাৰ মাজতে কালি জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ অন্যতম সাহিত্য চৰ্চাৰ অনুষ্ঠান পশ্চিম জামুগুৰি সাহিত্য সভাৰ উদ্যোগত উন্মোচনী কৰা হয় সাহিত্য সেৱী, প্ৰাক্তন সৈনিক ৰেবতি মোহন হাজৰিকাৰ কাব্য গ্ৰন্থ 'প্ৰভাতী পক্ষী'। কৰ'নাৰ সজাগতা আৰু চৰকাৰী তথা প্ৰশাসনিক সকলো নীতি নিৰ্দেশাৱলীৰ মানি এই উপলক্ষে অনুষ্ঠিত সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে জামুগুৰি কবি মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি তথা অৱসৰী কৃতী শিক্ষক খগেন হাজৰিকাই। পশ্চিম জামুগুৰি শাখা সাহিত্য সভাৰ সম্পাদক বাণীকান্ত দাসে আঁতধৰা আৰু কুঁৱলী দাসৰ এটি ঘোষাৰে আৰম্ভ হোৱা সভাখনত গ্ৰন্থ উন্মোচক হিচাপে অংশ লয় ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অৱসৰী কৃতী শিক্ষক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ মহেশ্বৰ বৰাই আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে লেখক - সাংবাদিক তথা যুৱ সমাজকৰ্মী মিংকু কলিতাই । পশ্চিম জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অঞ্চলটোৰ নিৰ্দিষ্ট সংখ্যক সাহিত্যানুৰাগীৰ উপস্থিতিত বিয়লি ৪ বজাৰ পৰা সম্পূর্ণ সামাজিক দূৰত্ব বজায় ৰাখি অনুষ্ঠিত হোৱা সভাখনত পশ্চিম জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি, প্ৰাক্তন সৈনিক ৰেবতি মোহন হাজৰিকাৰ কাব্য গ্ৰন্থ 'প্ৰভাতী পক্ষী' উন্মোচন কৰি উন্মোচক মহেশ্বৰ বৰাই কয় যে অৱসৰী জীৱন সাহিত্য চৰ্চাৰ মাজেৰে অতিবাহিত কৰা ৰেবতি মোহন হাজৰিকাৰ এয়া এক মহৎ কৰ্ম। বিশিষ্ট অতিথিৰ ভাষণত মিংকু কলিতাই  শেহতীয়া কৈ একাংশ নতুন কবি সাহিত্যিকৰ সাহিত্যত হতাশগ্ৰস্ততা তথা হীনমন্যতাৰ চিত্ৰ অধিক প্ৰকট হৈ পৰা পৰিলক্ষিত হোৱাৰ কথা উল্লেখ কৰে। এয়া সমাজৰ বাবে সুখৰ খবৰ নহয় বুলি অভিহিত কৰি সাংবাদিক গৰাকীয়ে সাম্প্ৰতিক গ্ৰন্থ উদ্যোগৰ মৃতপ্ৰায় অৱস্থাই ভৱিষ্যতৰ এক অশনি সংকেত কঢ়িয়াই আনিছে বুলিও আক্ষেপ কৰিলে। এইক্ষেত্ৰত সময় থাকোতেই চৰকাৰ, কবি-সাহিত্যিক, পাঠক সমাজ তথা সচেতন মহলে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে জাতিৰ দাপোণ স্বৰূপ সাহিত্য সৃষ্টি তথা প্ৰচাৰ প্ৰসাৰ স্তিমিত হৈ পৰিব। কলিতাই প্ৰসংগক্ৰমে বহুকেইখন আলোচনী প্ৰকাশৰ ক্ষেত্রত আহি পৰা সমস্যা ৰ কথা উল্লেখ  কৰি চৰকাৰক এইক্ষেত্ৰত ইতিবাচক সহাৰি আগবঢ়াবলৈ আহ্বান জনায়। পশ্চিম জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক পূৰ্ণ নাথ, পশ্চিম জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদুম কুমাৰ দাসেও সভাত বক্তব্য আগবঢ়ায়। আনহাতে এটি কবিতা আবৃত্তি কৰে কণমানি হিমাশ্ৰী দাসে। সভাখনত  বিশিষ্ট সমাজকৰ্মী প্ৰেম প্ৰদীপ শইকীয়া, নৰেন বৰা, অৱসৰী কৃতী শিক্ষক খগেন উপাধ্যায়, উপাধ্যক্ষ উমেশ হাজৰিকা, বিশিষ্ট শিল্পী পূৰ্ণ কান্ত নাথ, শিক্ষয়িত্ৰী মনিকা দেৱী প্ৰমুখ্য  বহুকেইগৰাকী অগ্ৰণী সাহিত্যনুৰাগী উপস্থিত থাকে।
জোন বৰা,জামুগুৰিহাট

Comments