নগাঁৱৰ কচুৱাত ২৪ টাকৈ চুৰি ম’বাইল টাৱাৰত ব্যৱহৃত বেটাৰী উদ্ধাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১জুলাইঃ কৰ’না বিভীষিকাৰ মাজতো নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চোৰৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ কচুৱাত বুজন পৰিমাণৰ ম’বাইল টাৱাৰত ব্যৱহৃত বেটাৰী উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কচুৱা থানাৰ আৰক্ষীৰ দলে চলোৱা এক অভিধানত কচুৱাৰ সোনাৰুগুৰিৰ আব্দুল ওৱাজিদ নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ২৪ টাকৈ ম’বাইল টাৱাৰত ব্যৱহৃত বেটাৰী । আচলতে কচুৱা তিনিআলিৰ নুৰু হুছেইন নামৰ লোকজনে চোৰ কৰি অানি এইখিনি বেটাৰী আব্দুল ওৱাজিদৰ ঘৰত মজুত কৰি ৰখাৰ সন্দেহ কৰা হৈছে । এনেদৰে চুৰি কৰি মজুত কৰি ৰখা বুজন পৰিমানৰ বেটাৰী উদ্ধাৰ হ’লেও মূল অভিযুক্ত নুৰু হুছেইনক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷ সেয়ে অাৰক্ষীয়ে নুৰু হুছেইনৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ বিপৰীতে অাব্দুল ওৱাজিদক অধিক তথ্যৰ বাবে সোধা-পোছা কৰি অাছে বুলি জানিব পৰা গৈছে ৷
=================

Comments