সদ‍্যপ্ৰয়াত বিজেপি নেতা সীমান্ত পাঠকক স্মৰণ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বিজেপিৰ

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ জুলাই*

সদ‍্যপ্ৰয়াত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা গাঁও নিবাসী তথা বিজেপিৰ নেতা সীমান্ত পাঠকক ৰবিবাৰে বড়িগোগ বনভাগ মণ্ডল সমিতিয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে । উল্লেখ‍্য‍ যে ভাৰতীয় জনতা পাৰ্টীৰ, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অন্তৰ্গত ১৪ নং গাঁও পঞ্চায়তৰ ভাঃজঃপাঃৰ আকনা বুথৰ সভাপতি সীমান্ত পাঠকৰ যোৱা তিনি জুলাইত বৃক্ক-যকৃতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল । আজি এইগৰাকী নেতাক বড়িগোগ বনভাগ মণ্ডলৰ তৰফৰ পৰা তেওঁৰ গৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । উক্ত কাৰ্যসূচীত উপস্থিত থাকে প্ৰয়াত সীমান্ত পাঠকৰ পত্নী কৰবী কুমাৰী পাঠকসহ পৰিয়ালবৰ্গৰ লগতে বড়িগোগ বনভাগ মণ্ডল ভাঃজঃপাঃৰ সম্পাদকদ্বয় ক্ৰমে মনোজ ডেকা আৰু বিজয় বৰ্মন, কোষাধক্ষ্য জয়ন্ত তালুকদাৰ, সম্পাদক বুবুল দাস, ১৪ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী, আঞ্চলিক সদস্যা মণিকা ভড়ালী, বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সভাপতি দীপক কাকতিৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজ । অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মনোজ ডেকা আৰু বিজয় বৰ্মণে ভাষণত প্ৰয়াত পাঠকৰ স্মৃতি ৰোমান্থন কৰি আবেগিক হৈ পৰে । স্মৃতিস্মৰণ কৰা পূৰ্বে প্ৰয়াত পাঠকৰ প্ৰতিচ্ছবি মাল‍্যাৰ্পন কৰে পত্নী কৰবী কুমাৰী পাঠকে । লগতে নেতাগৰাকীৰ প্ৰতিচ্ছবিত বন্তি আৰু পুষ্পাঞ্জলি অৰ্পন কৰে প্ৰয়াত পাঠকৰ গুণগ্ৰাহীসকলে ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা