নগাঁৱত বৰপানী নৈৰ বানে উজানমাৰিত খহালে মথাউৰি≈≈শতাধিক গাঁও জলমগ্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ জুলাইঃ নগাঁও জিলাৰ দক্ষিণ-পশ্চিমাঞ্চলত পুনৰ বানৰ সংহাৰী ৰূপ ৷ চলিত বৰ্ষৰ বৰপানী নৈৰ পঞ্চমটো বানৰ তাণ্ডৱত এতিয়া দিশহাৰা গৰুবাট আৰু জৰাবাৰী মৌজাৰ দুৰ্ভগীয়া ৰাইজ ৷ ধাৰাবাহিকভাবে অহা ইটোৰ পিছত সিটো বানে বিধ্বস্ত কৰিছে অৰ্দ্ধ শতাধিক গাঁও ৷ যোৱা দুদিনত কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখনকৈ শ্লুইচ গেট খুলি দিয়া তথা বৰপানী নৈৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে ৷ আনকি পুৱাই বাঢ়নী পানীয়ে মাধৱপাৰাৰ প্ৰমিলা সংযোগী মাথাউৰিটোৰ উজানমাৰিত খহাই নিয়াত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৷ বানৰ ফলত কচুৱা, প্ৰমিলা, জাৰণি, শিমলুগুৰি, মাধৱপাৰা, জুৰিৰপাৰ আদিকে ধৰি বহু গাঁও এতিয়া জলমগ্ন হৈ পৰাত ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ইতিমধ্যে বহু লোকৰ বাসগৃহ, খেতি-পথাৰ, পুখুৰী আদি বানপানীয়ে বুৰাই পেলোৱাত ওখ ঠাইত আশ্ৰয় লৈছে বানাক্ৰান্তই ৷ ইফালে, পশ্চিম কাৰ্বি আংলংৰ বৈঠালাংছ-বৰচালী পথৰ ওপৰেৰে নৈৰ পানী পাৰ হোৱাত যোগাযোগ ব্যাহত হৈ পৰিছে ৷ কিন্তু এনেদৰে প্ৰলয়ংকৰী বানত শ শ লোক ককবকাই থকাৰ পিছতো চৰকাৰ, জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে বানাক্ৰান্তক সহায় নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ ফলত জীয়াতু ভোগ কৰিবলগীয়াত পৰিছে দুৰ্ভগীয়া বৰ্ন্যাতই ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা