নলবাৰীৰ ঘগ্ৰাপাৰত ঘগ্ৰাজানৰ বাঢ়নী পানীয়ে ক্ষতি কৰিছে কৃষকৰ কৃষিভুমি- বছৰ বছৰ ধৰি উন্মুক্ত হৈ থকা পূব মথাউৰি শীঘ্ৰে ব‍্যৱস্থা কৰিবলৈ যুৱ ছাত্ৰ পৰিষদৰ দাবী

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুলাই*


নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ দিশে  বৈ যোৱা ঘগ্ৰাজানৰ বাঢ়নী পানীয়ে এটি বৃহৎ অঞ্চল বছৰ বছৰ ধৰি ক্ষতি কৰি আহিছে বুলি অভিযোগ উঠিছে । জানটোৰ পশ্চিম দিশত মথাউৰি আছে যদিও পূব দিশত আজি পৰ্যন্ত মথাউৰি নোহোৱাত ২ নং  নিমুৱা লাটিমাকে ধৰি অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হৈ আহিছে । বিশেষকৈ জানটোৰ এফালে উন্মুক্ত হৈ থকাত বাৰিষা পানী বৃদ্ধি পালেই বাগৰি গৈ খেতি-বাতি নষ্ট কৰি পেলায় । শ-শ কৃষকৰ কৃষি ভূমি নষ্ট কৰি পেলোৱাৰ উপৰিও বাঢ়নী পানীয়ে খাল-পুখুৰী, বাট-পথ আদিও বুৰাই পেলায় বিস্তৰ ক্ষতিসাধন কৰে । দুখৰ বিষয় ইয়াৰ কাষতে তিনিখনকৈ বিদ্যালয় আৰু এটি অংগনবাড়ী কেন্দ্ৰ আছে যদিও উন্মুক্ত জানৰ বাঢ়নী পানীয়ে বুৰাই পেলায় । প্ৰতিটো বছৰৰ বাৰিষা সময়ত  শিক্ষানুষ্ঠান কেইখনৰ ছাত্ৰ-ছাত্ৰীয়ে যমৰ যাতনা ভুগি আহিছে । বাঢ়নী পানীয়ে প্ৰতিবাৰে কৃষকৰ ভুঁ‌ই বা কঠিয়াসমুহ নষ্ট কৰি পেলোৱাৰ বাবেও কৃষক সকলে মুৰে-কপালে হাত দিব লগা হয় । অঞ্চলটোৰ অতি পুৰণি প্ৰকৃতিভাৱে বৈ অহা জানটো মুকলি কৰি পানীবোৰ ভালদৰে উলিয়াই নিয়াৰ ব্যৱস্থা কৰাটো ৰাইজে বিচাৰিছে । ইপিনে ঘগ্ৰাপাৰ-দামোধৰধাম পথটোৰ কৰাচৰ তল চ'কৰ পৰা ঘগ্ৰাজানৰ ওপৰৰে চিলিংলৈ যোৱা পথটি বিধ্বস্ত হৈ পৰিছে । ২ নং নিমুৱা লাটিমা এই পথটি দতৰা পঞ্চায়ত আৰু ঘগ্ৰাপাৰ পঞ্চায়তৰ অন্তৰ্গত যদিও পঞ্চায়তে বছৰ বছৰ ধৰি পথটি মেৰামতি নকৰিলে যাৰ বাবে গাঁওখনৰ লগতে অঞ্চলটোৰ ৰাইজে জীয়াতু ভূগি আহিছে । বিগত পোন্ধৰ বছৰৰ কংগ্ৰেছৰ শাসন কালত আৰু বৰ্ত্তমানৰ পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনটো এই পথছোৱা উন্নয়ন নকৰিলে । দামোদৰধাম পথৰ পৰা নিমুৱা লাটিমাহৈ চিলিংলৈ প্ৰায় তিনি কিলোমিটাৰ পথ আজিও বিধ্বস্ত হৈ থকাত কুন্দৰগাও, জানোপাৰ, নিমুৱা, লাটিমা, চিলিং আদি গাঁৱৰ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ তুলিছে । সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে উপায় বিচাৰি নোপোৱা হৈছে । স্থানীয় ৰাইজ তথা গাঁওখনৰ সচেতন যুৱকসকলে পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক তথা সাংসদকো উন্নয়নৰ বাবে আবেদন কৰি আহিছে যদিও এতিয়ালৈ সু-ফল পোৱা নাই । বৰ্ত্তমানৰ বিজ্ঞানৰ যুগতো গ্ৰামাঞ্চলটো এনেদৰে অৱহেলিত হৈ থকাত ৰাইজে দুখ প্ৰকাশ কৰিছে । ইপিনে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, ১২ নং দতৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী মনিকা ডেকা, কাউঞ্চিলাৰ তৰুণ বুজবৰুৱা আৰু ঘগ্ৰাপাৰ পঞ্চায়তৰ সভাপতি, কাউঞ্চিলাৰে এবাৰো এই জৰাজীৰ্ণ পথটি পৰিদৰ্শন নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে । ইফালে উক্ত সমস্যাৰ লগতে ঘগ্ৰাজানৰ উন্মুক্ত হৈ থকা মথাউৰিটো শীঘ্ৰে তৈয়াৰ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি ইণ্টাজৰ ৰহমানে চৰকাৰক দাবী জনাইছে । অন্যথা আগন্তুক দিনত ৰাইজৰ সহাযোগত গনতান্ত্ৰিভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি বুলি ঘগ্ৰাপাৰ যুৱ ছাত্র পৰিষদে ভাবুকি প্ৰদান কৰিছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা