বটদ্ৰৱাৰ, বানাক্ৰান্ত ৰাইজৰ কাষত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱশ্ৰী বৰা

প্ৰবিত্ৰ ঈদ  উপলক্ষে বানাক্ৰান্ত ৰাইজৰ  কাষত এন এছ ইউ আইৰ,
ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱাশ্ৰী বৰা উপস্থিত হয় । 
সম্পাদিকা গৰাকীয়ে বটদ্ৰৱা গাও পঞ্চায়তৰ অন্তৰ্গত বাটমাৰী আৰু ৰামপুৰ সত্ৰ গাওপঞ্চায়তৰ অন্তৰ্গত  হাইডুবি গাৱৰ  বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে তেওঁ  ব্যক্তিগতভাৱে অঞ্চলটোৰ শতাধিক পৰিয়ালক লগ ধৰি, চিৱাই, চেনী, মিঠাতেল, বিস্কুটৰ  পেকেট আদি বিতৰণ  কৰে। বিগত দুমাহ ধৰি বানত সৰ্বস্বান্ত হোৱা  বাটমাৰী আৰু হাইডুবি গাৱৰ বান বিধ্বস্ত এলেকাত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা গৰাকী উপস্থিত হোৱাত ৰাইজে তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে অৱগত কৰে।  ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা গৰাকীয়ে বানাক্ৰান্ত  ৰাইজৰ সকলো সমস্যাৰ বুজ লোৱাৰ উপৰিও সকলো সমস্যাৰ সমাধানৰ বাবে স্থানীয় জনপ্ৰতিনিধিক সংবাদ মাধ্যমৰ জৰিয়তে অনুৰুধ জনাই।
বটদ্ৰৱাৰ পৰা ইমামুল ইছলাম

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা