পশ্চিম নলবাৰীৰ বিভিন্ন স্থানত ছাত্ৰ সন্থাৰ দ্বাৰা চেনিটাইজেশ্বন

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ জুলাই*


সমগ্র দেশতে মহামাৰী ক'ৰোণা ভাইৰাছে গণ সংক্রমৰ ৰূপ ধাৰণ কৰাৰ সময়তে পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু বেলশৰ শাখা ছাত্র সন্থাৰ সহযোগত শনিবাৰে বেলশৰৰ বিল্বেশ্বৰ  দেৱালয় প্ৰাঙ্গনৰ লগতে বেলশৰ থানাৰ চৌহদ, বেলশৰ হাইস্কুলৰ চৌহদৰ  উপৰি বেলশৰ বজাৰৰ সকলো ঠাইতে ছাত্র সন্থাৰ এটা দলে চেনিটাইজেশ্বন কৰি বীজাণুমুক্ত কৰে । উক্ত কাৰ্যসূচীত পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি বিশ্বজিৎ শৰ্মাকে ধৰি ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নয়নজ্যোতি বৰ্মণ, সহঃ সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মা, মুখ্য সাংগঠনিক সম্পাদক মিৰ হুচেইন আলী, সাংগঠনিক সম্পাদকদ্বয় দেৱজিত শৰ্মা আৰু চহিদল আলমৰ লগতে প্ৰাণজিৎ ৰাজবংশী কাৰ্যনিৰ্বাহক সদস্য ধনজিৎ বৰ্মন, বেলশৰ শাখা ছাত্র সন্থাৰ সভাপতি সম্পাদকে ধৰি ককয়া শাখা ছাত্র সন্থাৰ সভাপতি সম্পাদক তথা সদস্যসকল উপস্থিত থাকে ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা