বঙাইগাঁও জিলাত একেদিনাই ৪১ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

বঙাইগাঁও জিলাত একেদিনাই ৪১ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

৬৪৭  জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা 

বঙাইগাঁওঃ ৩১ জুলাইঃ বঙাইগাঁও জিলাত কৰ'না ভাইৰাছৰ গণ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে ৷ দৈনিক বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত  একেদিনাই ধৰা পৰিছে  ৪১ জন ব্যক্তিৰ দেহত  ক'ভিড- ১৯ পজিটিভ ৷ জিলাখনত আক্ৰান্তসকৰলৰ ভিতৰত বৰ্তমান অধিকাংশই ৰে'ল বিভাগৰ কৰ্মচাৰী ৷ সেইদৰে নিৰাপত্তা ৰক্ষী , আৰক্ষী, বিভিন্ন বেংকৰ কৰ্মচাৰী ,ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী , আন্তঃ ৰাজ্য আৰু আন্তঃ জিলা ভ্ৰমণ কৰা ব্যক্তিৰ দেহত কোভিড - ১৯ পজিটিভ ধৰা পৰিছে ৷ উল্লেখ্য যে বিগত ২৪  ঘণ্টাত জিলাখনত ৪১ জন ব্যক্তিৰ দেহত নতুনকৈ কোভিড- ১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৬৪৭ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত নতুনকৈ কোভিডত আক্ৰান্তসকলৰ ভিতৰত ৮ জন পূৰ্ৱে কোভিডত আক্ৰান্ত পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা, ৪ জন ৰে'লৱে সুৰক্ষা বাহিনীৰ জোৱান , ২ জন ৰে'লৱে হাস্পতালৰ কৰ্মী , ২ জন ৰে'লৱে কাৰখানাৰ  কৰ্মচাৰী , ৰে'লৱে বিভাগৰ আৰু ২ জন কৰ্মচাৰী , ৪ জন অভয়াপুৰী থানাৰ আৰক্ষী , ৫ জন  ৰিলায়েন্স ডিজিটেল প্ৰতিষ্ঠানৰ কৰ্মচাৰী , ২ জন আন্তঃ ৰাজ্য ভ্ৰমণ কৰা ব্যক্তি , ২ জন আন্তঃ জিলা ভ্ৰমণ কৰা ব্যক্তি ,১ জন মায়াপুৰী বজাৰৰ , ৩ জন পাগলাস্থান বজাৰৰ , ১ জন নিউ বঙাইগাঁও শাখা ষ্টেট বেংকৰ কৰ্মচাৰী , ১ জন মাণিকপুৰ মডেল হাস্পতালৰ লেবৰেটৰী টেকনিচিয়ান , ১ জন অভয়াপুৰী বজাৰৰ সুলভ মূল্যৰ দোকানৰ ,১ জন বিশাল মেগামাৰ্টৰ কৰ্মচাৰী , ১ জন বৰঘোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আন ১ জন  ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে ৷ কোভিডত আক্ৰান্তসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত আক্ৰান্ত মুঠ ৬৪৭ জন ব্যক্তিৰ ভিতৰত  ইতিমধ্যে ৩১৭ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৭০ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ১৬০ জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷  

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা