এইবেলি জামুগুৰিহাটৰ ২২৫ বছৰীয়া গৌৰৱোজ্জ্বল কালীয় দমন ভাওনা মহোৎসৱ বাতিল৷

মহামাৰী ক’ৰণাৰ বাবে গ্ৰহন কৰিলে সিদ্ধান্ত৷
#এইবেলি জামুগুৰিহাটৰ ২২৫ বছৰীয়া গৌৰৱোজ্জ্বল কালীয় দমন ভাওনা মহোৎসৱ বাতিল৷
#কৰিব কেৱল আনুষ্ঠানিকতাহেঃ ঘৰে ঘৰেই গুৰু জনাৰ প্ৰতি সেৱা ধৰিবলৈ আহ্বান ভক্তপ্ৰান ৰাইজক৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৩ জুলাইঃ ২২৫ বছৰীয়া জামুগুৰিহাটৰ গৌৰৱোজ্জ্বল কালীয় দমন নাটৰ ভাওনা মহোৎসৱ এইবেলি অনুষ্ঠিত নহয়৷দেশত ভয়াবহ ৰূপ ধাৰণ কৰা মহামাৰী ক’ৰণা অথবা কোভিড-১৯ৰ বাবেই অনিচ্ছা স্বত্বেও এই সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে মহিমামণ্ডিত ভাওনা মহোৎসৱ উদযাপন কৰা উদ্যোক্তা জামুগুৰিহাটৰ ইতিহাস প্ৰসিদ্ধ কোঁচগাঁৱৰ ৰাইজে।কালীয় দমন ভাওনা মহোৎসৱ উদযাপন থলী জামুগুৰিহাটৰ কোঁচগাঁৱৰ কালীয় দমন ভাওনা ক্ষেত্ৰত কালি অনুষ্ঠিত হোৱা গাওঁ উন্নয়ন সমিতিৰ সাধাৰণ সভাই এইবেলি আগত ২০ আগষ্টত অনুষ্ঠিত হব লগা এই মহোৎসৱভাগ বাতিল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।কোঁচগাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰদীপ শইকীয়া আৰু সম্পাদক ভাস্কৰজ্যোতি শইকীয়াই এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ পবিত্ৰ তিৰোভাৱ তিথিত জামুগুৰিহাটৰ কোঁচগাঁৱৰ গঞা ৰাইজে এবাৰো বিৰতি নোহোৱাকৈ জাক জমকতাৰে প্ৰতি বৰ্ষতে অনুষ্ঠিত কৰি অহা ঐতিহ্যমণ্ডিত কালীয় দমন ভাওনা মহোৎসৱে ইতিমধ্যে গৌৰবোজ্জল ২২৫ বছৰত প্ৰদাৰ্পন কৰিলে যদিও মহামাৰী ক’ৰণাৰ ভয়াবহতা আৰু চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ লগতে এইবেলি ভাওনা মহোৎসৱভাগৰ মাধ্যমেদি এই ভয়াবহ ৰোগ বিধৰ সামাজিক সংক্ৰমণ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গাওঁ উন্নয়ন সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিব লগাত পৰে। মনকৰিবলগীয়া যে ১৭৯৫ চনৰে পৰা ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি জামুগুৰিহাটৰ কোঁচগাঁৱৰ ৰাইজে নিৰবিচিন্নভাবে  অনুষ্ঠিত কৰি অহা মহোৎসৱ ভাগ বিগত দীৰ্ঘ ইতিহাসত মহামাৰীৰ বাবে বাতিল কৰিব লগীয়া হোৱাৰ কথা এয়ে প্ৰথম।বিবৃতিটোত উদ্যোক্তা সকলে ভক্তপ্ৰাণ ৰাইজক এইবেলি মহোৎসৱ থলীলৈ শৰাই শলিতা আদি আগবঢ়াবলৈ অহাৰ পৰিবৰ্তে নিজ নিজ গৃহতে থাকি মহোৎসৱভাগলৈ উদ্দেশ্য কৰি গুৰু জনাৰ প্ৰতি সেৱা ধৰিবলৈ বিনম্ৰভাবে আহ্বান জনাইছে। কিয়নো এইবাৰ উদ্যোক্তা সকলে
ভাওনা মহোৎসৱ উদযাপনৰ সেই নিৰ্দিষ্ট দিনটোত সামাজিক দুৰত্ব বজাই ৰাখি মহাপুৰুষ জনাৰ তিথি ভাগহে অনুষ্টুপীয়াকৈ পালন কৰাৰ লগতে কালীয় দমন নাট ভাগ অভিনয় বিহীন ভাৱে গাই ভাওনা মহোৎসৱ ভাগ  সামৰিব বুলি জানিবলৈ দি সকলো শ্ৰেণীৰ সকলো লোককে এই মহামাৰী প্ৰতিৰোধৰ স্বাৰ্থতে সাৱধানতা অবলম্বন কৰিবলৈও আহ্বান জনালে৷
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা