নগাঁৱত অখিল গগৈৰ মুক্তিৰ দাবীৰে "কা"ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল খিলঞ্জীয়া সংগামী ঐক্যমঞ্চ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ্থে প্ৰৱল সংগ্ৰাম গঢ়ি তুলি বিগত বহু মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত বৃহস্পতিবাৰে খিলঞ্জীয়া সংগ্ৰামী ঐক্যমঞ্চই নগাঁও জিলাৰ কামপুৰত মানৱ শৃংখলৰ দ্বাৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে । কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত ইতিমধ্যে অসমৰ প্ৰান্তে প্ৰান্তে কৃষক মুক্তিকে প্ৰমুখ্য কৰি বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ সমান্তৰালকৈ চৈধ্যটা জাতীয় দল-সংগঠনেৰে পৰিপুষ্ঠ কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্যমঞ্চই কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী তুলি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমবাসীৰ ওপৰত জাপি দিয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা'ৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰে ৷ প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে অসমৰ ৰাইজে "কা" মানি নলয় বুলি এই প্ৰতিবাদীস্থলীৰ পৰাই সকীয়াই প্ৰদানেৰে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তায়ল কৰি তোলে ৷ আনকি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা খিলঞ্জীয়া সংগ্ৰামী ঐক্যমঞ্চই চৰকাৰে জাতিধ্বংসী "কা" বাতিল নকৰালৈকে অসমৰ ৰাইজে নিৰৱচ্ছিন্নভাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি যাব বুলি  চৰকাৰৰ প্ৰতি হুংকাৰ প্ৰদান কৰে ৷ 
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা