মাজুলীত বৃদ্ধি পাইছে ক'ৰণা'ত আক্ৰান্তৰ সংখ্যা:মাজুলীত ক'ভিড-১৯ সংক্ৰমিত লোকৰ সংখ্যা ৫১ লৈ বৃদ্ধি,

মাজুলীত বৃদ্ধি পাইছে ক'ৰণা'ত আক্ৰান্তৰ সংখ্যা:মাজুলীত ক'ভিড-১৯ সংক্ৰমিত লোকৰ সংখ্যা ৫১ লৈ বৃদ্ধি, নতুনকৈ ৫ গৰাকী আক্ৰান্ত:
পৰাণজ্যোতি বৰা, মাজুলী, ২৪ জুলাই:  

ৰাজ্যত ক'ৰ'ণাই লৈছে ভয়াবহ ৰূপ। ক'ৰ'ণা প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰে লোৱা সকলো প্ৰদক্ষেপ যেন বিফল কৰি ৰাজ্যত গণ সংক্ৰমণ ৰূপ লৈছে ক'ৰ'ণা মহামাৰীয়ে। মাজুলীটো ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।মাজুলী জিলাত ক'ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫১গৰাকীলৈ বৃদ্ধি হৈছে। বৃহস্পতিবাৰে নিশা নতুনকৈ ৫ গৰাকী লোকৰ শৰীৰত ন'ভেল ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। যোৱা নিশা ক'ভিড-১৯ৰ সংক্ৰমণ নিশ্চিত হোৱা লোককেইগৰাকী হৈছে দক্ষিণপাট গাঁৱৰ অমূল্য দাস (২৮ বছৰ), উত্তৰ দাস (৩৪ বছৰ), ৰঞ্জন দাস (২৬ বছৰ), ৰতনপুৰ মিৰিৰ নৱৰতনপুৰ গাঁৱৰ হিমাদ্ৰী লাগাছু (৩০ বছৰ) আৰু মাজৰ দেউৰীৰ শান্তি দাস। যোৱা বুধবাৰে আন জিলা ভ্ৰমণ কৰি ঘূৰি অহা দক্ষিণপাটৰ যুৱক তিনিগৰাকীয়ে বংশীগোপাল নাট্যমন্দিৰৰ জিলাস্তৰীয় ক'ভিড-১৯ স্ক্ৰীণিং কেন্দ্ৰত শ্বুৱাবৰ নমুনা দি ইতিমধ্যে মাজুলীতে প্ৰতিষ্ঠানিক কুৱাৰেণ্টিনত আছিল। যোৰহাটৰ পৰীক্ষাগাৰত কৰা তেওঁলোকৰ এই শ্বুৱাব পৰীক্ষাৰ ফলাফল যোৱা নিশা প'জিটিভ ওলোৱাত নিশাই জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ ক'ভিড-১৯ কেয়াৰ চেণ্টাৰলৈ স্থানান্তৰ কৰা হয়। আনহাতে, মাজৰ দেউৰীৰ শান্তি দাসৰ কালি যোৰহাটত কৰা ৰেপিড এণ্টিজেন টেষ্টত সংক্ৰমণ ধৰা পৰাৰ পাছতে তেওঁক ইতিমধ্যে যোৰহাটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে, ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ হিমাদ্ৰী লাগাছুৰ সংক্ৰমণ কালি মাজুলীত কৰা ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰাৰ পাছতো তেওঁকো নিশাই মাজুলীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, মাজুলী জিলাৰ ৫১গৰাকী ক'ভিড-১৯ সংক্ৰমিত লোকৰ মাজৰে ২৩গৰাকী ইতিমধ্যে সম্পূৰ্ণ সংক্ৰমণমুক্ত হোৱাৰ বিপৰীতে বৰ্তমান আন ২৮গৰাকী সংক্ৰমিত চিকিৎসাধীন হৈ আছে। ইফালে, ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছগৰাকীৰ সংক্ৰমণ ধৰা পৰাত আজি মাজুলী জিলা প্ৰশাসনে জেংৰাইমুখ থানা এলেকাৰ অন্তৰ্গত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ লগতে নৱৰতনপুৰ গাঁৱত থকা তেওঁৰ ঘৰৰ চৌহদ সামৰি দুটা অৱৰুদ্ধ মণ্ডল (কনটেইনমেণ্ট জ'ন) ঘোঘণা কৰে। আনহাতে, মাজুলী (কমলাবাৰী) থানাৰ অন্তৰ্গত বৰটানি গাঁও আৰু গড়মূৰ থানাৰ এলেকাধীন দৰিয়া আলিচিগা গাঁৱত যোৱা ১৬ জুলাইত ঘোষণা কৰা দুয়োটা অৱৰুদ্ধ মণ্ডল কালি জিলা প্ৰশাসনে প্ৰত্যাহাৰ কৰে। বৰটানি আৰু দৰিয়া আলিচিগা গাঁৱৰ এই দুয়োটা অৱৰোদ্ধ মণ্ডলৰ সকলো আবাসীৰে জিলা প্ৰশাসনে কৰোৱা ক'ভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱাৰ পাছতে অৱৰুদ্ধ মণ্ডলৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰি বৃহস্পতিবাৰে সন্ধিয়া আদেশ জাৰি কৰে।আনহাতে আজি ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ এগৰাকী নাৰ্চ ৰেপিড টেষ্টত ক’ভিড পজিটিভ ধৰা পৰাত জৰুৰীভাৱে ভাবে ২৭ জুলাইলৈকে নতুন বজাৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি  ব্যৱসায় সকলে জানিবলৈ দিছে।

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা