বৰদলনি দেউঘৰবাৰী পথত গছ পুলি ৰোপণৰ এক বিশেষ কাৰ্য সূচী



ষ্টাফৰিপৰ্টাৰ, ধেমাজি জিলাৰ বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ২৬ জুলাই দিনা বৰদলনি দেউঘৰবাৰী পথত গছপুলি ৰোপণৰ এক বিশেষ কাৰ্য সূচী অনুষ্ঠিত হয় । উক্ত বৃক্ষৰোপণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনত পৌৰহিত্য কৰে বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী  গুণলতা ফুকনে । 
     উল্লেখ্য সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী , পদ্মশ্ৰী ড' শীলা বৰঠাকুৰৰ লগতে লেখিকা সমাৰোহ সমিতিৰ সৈতে জড়িত  কিছু দিন পূৰ্বে মৃত্যু বৰণ কৰা লাৱণ্য বৰুৱা , নীলিমা ঠাকুৰীয়া , ভানুৰাণী শইকীয়া , ৱাহিদা বেগম আৰু টংকেশ্বৰী দেৱীৰ সোঁৱৰণত অনুষ্ঠিত গছ পুলি ৰোপণ কাৰ্যসূচীৰ আৰম্ভণিতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। এচ. আই বিৰ উপ ক্ষেত্ৰ সংগঠক  তথা স্হানীয় বাসিন্দা বিৰাজ বৰঠাকুৰ আৰু বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ সভনেত্ৰী জূনুকা ভূঞা বৰঠাকুৰৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানটিত বৃক্ষৰোপণৰ উপযোগিতা আৰু ইয়াৰ দ্বাৰা হ'ব পৰা স্বাবলম্বিতা সন্দৰ্ভত গঠন মূলক আলোচনা আগবঢ়োৱা হয় ।উল্লেখ্য সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটিত বৰদলনি কনিষ্ঠ মহাবিদ্যালয় প্ৰবক্তা ঊষা বুঢ়াগোহাঁই , সাংবাদিক পাৰিজাত সন্দিকৈ, বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা  ৰূপজ্যোতি বৰুৱা , বৰ্তমান সম্পাদিকা পিংকি দেৱী হাজৰিকা,  সদস্যা মীৰা দত্ত দেৱী , নম্ৰতা গোহাঁই ,জুবি বৰঠাকুৰ ইত্যাদিকে ধৰি ভালেমান উপস্হিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা