অসমত বান সাহায্যৰ বাবে ষ্টাৰ চিমেণ্টৰ বিশেষ উদ্যোগ



ষ্টাফৰিপোৰ্টাৰ,,,২৬ জুলাই,  সমগ্ৰ দেশতে ক’ভিড-১৯ এ ব্যাপক ৰূপ ধাৰণ CXকৰাৰ সমান্তৰালকৈ অসমত শেহতীয়া বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ অধিকাংশ অঞ্চল বানপানীত আক্ৰান্ত হোৱাৰ সময়তে পূৱ ভাৰতৰ আগশাৰীৰ চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান ষ্টাৰ চিমেণ্টে প্ৰতিবাৰৰ দৰে এইবাৰো বানপীড়িত দুৰ্গত ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহিছে। অলপতে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ বিভিন্ন বানাক্ৰান্ত এলেকাত প্ৰতিষ্ঠানটোৱে সাহায্য আগবঢ়াইছে। এই  সাহায্য কাৰ্যসূচীত চিমেণ্ট প্ৰতিষ্ঠানটোৱে বিভিন্ন খাদ্য সামগ্ৰী, ফে’চ মাস্ক বিতৰণ কৰাৰ লগতে বিভিন্ন স্থান  ছেনিটাইজো কৰে। নলা নৰ্দমাৰ উপৰি বিভিন্ন আৱৰ্জনা থকা ঠাইবোৰো পৰিস্কাৰ কৰে প্ৰতিষ্ঠানটোৱে। এই সাহায্য তথা পৰিস্কাৰ অভিযানৰ যোগেদি ১০,০০০ ৰো অধিক লোক উপকৃত হৈছে। ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী আৰু ক’ভিড১৯-এ সৃষ্টি কৰা পৰিৱেশৰ বাবে সামগ্ৰিক অৱস্থা জটিল হৈ পৰাৰ পৰিপ্ৰেক্ষিততে এইসকল লোকক সহায় কৰাৰ উদ্দেশ্যেই সংশ্লিষ্ট কাৰ্যসূচী হাতত লোৱা হয়।এই সন্দৰ্ভত ষ্টাৰ চিমেণ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় কুমাৰ গুপ্তাই সাম্প্ৰতিক সময়ৰ বান পৰিস্থিতিত ৰাজ্যবাসীয়ে সমূখীন হোৱা বিৰূপ পৰিস্থিতিৰ বাবে চিন্তা ব্যক্ত কৰে আৰু কয়"এনে এক দুৰ্বিষহ পৰিস্থিতিত ৰাজ্যবাসীৰ বাবে সকলোৱে সহায়ৰ হাত আগবঢ়োৱা উচিত।ইফালে ষ্টাৰ চিমেণ্টৰ বিক্ৰী আৰু বিপণন বিভাগৰ অধ্যক্ষ জ্যোতিস্বৰূপ আগৰৱালাই কয়, ‘“যিহেতু সম্পূৰ্ণ ২১ দিনৰ পিছত বিগত ২০ জুলাইৰ পৰা কামৰূপ জিলা আনলক পৰ্যায়ত প্ৰৱেশ কৰিছে গতিকে সকলো চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰি বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আমি এক প্ৰয়াস কৰিছো।”এই সাহায্য কাৰ্যসূচী সন্দৰ্ভত মন্তব্য কৰি চিমেণ্ট প্ৰতিষ্ঠানটোৰ যোগান শৃংখলা বিভাগৰ জ্যেষ্ঠ উপাধ্যক্ষ প্ৰদীপ পুৰোহিতে কয়, “ষ্টাৰ চিমেণ্ট সদায়েই ইয়াৰ দাঁতিকাষৰীয়া সমুদায়সমূহৰ বাবে দায়বদ্ধ হৈ আহিছে আৰু যাৰ বাবে সময়ে সময়ে বিভিন্ন কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সোণাপুৰ এলেকাৰ প্ৰায় ২৫০০ টা পৰিয়াল বা ১০০০০ লোকক বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লগতে এলেকাবোৰ ছেনিটাইজ কৰাৰ বাবেও আমাৰ তৰফৰ পৰা প্ৰয়াস কৰিছো।’”

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা