সুখবৰঃবঙাইগাঁৱত কৰ'নাক পৰাভূত কৰি সুস্থ হৈ ঘৰলৈ উভতিল দুবছৰীয়া কন্যা শিশু

বঙাইগাঁওঃ ২৫ জুলাইঃ কৰ'না ভাইৰাছৰ সংক্ৰমণে বঙাইগাঁও জিলাত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে কোভিড- ১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এটি দুবছৰীয়া কন্যা শিশুই অৱশেষত কৰ'নাক পৰাভূত কৰি সুস্থ হৈ ঘৰলৈ উভতি যোৱা খবৰে সকলোৰে মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ ডাংতল ৰে'লৱে কলনীৰ এটি দুবছৰীয়া কন্যা শিশুৰ দেহত কোভিড - ১৯ পজিটিভ ধৰা পৰাৰ পিচতে শিশুটিক বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ বিগত ৫ দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত শনিবাৰে কোভিডত আক্ৰান্ত কন্যা শিশুটিৰ স্বাৱ পৰীক্ষা( RT-PCR Test) ৰ ফলাফল নিগেটিভ অহাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। যিটো বৰ্তমান সময়ত এটা সুখবৰ হিচাপে পৰিগণিত হৈছে ৷ উল্লেখ্য যে শিশুটি চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এই সময়চোৱাত শিশুটিৰ মাতৃগৰাকী কোভিড নিগেটিভ হোৱা সত্বেও স্বইচ্ছাৰে শিশুটিক চোৱা-চিতা কৰাৰ বাবে দিনে নিশাই শিশুটিৰ লগতেই আছিল ৷ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা অৱস্থাত কন্যা আৰু মাতৃক এটা সুকিয়া কোঠাত ৰখা হৈছিল ৷ ইপিনে শনিবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ আগে আগে শিশুটিৰ মাতৃৰ স্বাৱ গ্ৰহণ কৰি( RT-PCR Test) পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু ৰেপিড এণ্টিজেন টেষ্টো ( Rapid Antigen Test ) কৰা হয় ৷ যাৰ ফলাফল নিগেটিভ আহে। কোভিড আক্ৰান্ত এই শিশুটি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ত ন'ডেল বিষয়া ডাঃ এম.এম. ৰহমান আৰু কোভিড ৱাৰ্ডৰ দায়িত্বত থকা ষ্টাফ নাৰ্ছ দীপ্তি চৰকাৰৰ তত্বাৱধানত সেৱা আগবঢ়াই থকা চিকিৎসালয় খনৰ 'কোভিড কেয়াৰ টীম'ৰ চোৱা-চিতাত আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা