বান বিধ্বস্ত চৰ-চাপৰিৰ লোকক সাহাৰ্য্য প্ৰদানৰ দাবীৰে নগাঁও-শোনিতপুৰৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

 বান বিধ্বস্ত চৰ-চাপৰিৰ লোকক সাহাৰ্য্য প্ৰদানৰ দাবীৰে নগাঁও-শোনিতপুৰৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুলাইঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ উফন্দি উঠাৰ হেতু নগাওঁ আৰু শোনিতপুৰ জিলাৰ সীমান্তবৰ্তী চৰ-চাপৰি অঞ্চলসমূহ বৰ্তমান বানৰ কবলত পৰিছে । যাৰ ফলত এই চৰ চাপৰিসমূহত বসবাস কৰা লোকসকলৰ বিস্তৰ ক্ষতি সাধন হৈছে । সেয়ে প্ৰতি বছৰেই বান আৰু গৰাখহনীয়াৰ তাণ্ডৱত জুৰুলা কৰি অহা চৰ চাপৰি লোকৰ এনে সংকটময় সময়ত এইসকল দুৰ্ভগীয়াসকলৰ কাষত থিয় দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিকৰ নেতৃত্বত এটি সঁজাতি দলে বান বিধ্বস্ত লাটিমাৰী চৰ,পূৱ লাটীমাৰী চৰ, বাঘাটাপু চৰ, গনেচ টাপু চৰ, আৰিমাৰী চৰ, শ্বিয়ালে চৰ, গোলিৰপাৰ চৰ আদি কৰি জিলাদুখনৰ বৃহত্তৰ চৰ-চাপৰি অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ দুৰৱস্থাৰ বুজ লোৱাৰ বিপৰীতে এইসকল বানাক্ৰান্তক সাহাৰ্য্য আৰু ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী তুলি ইতিমধ্যে নগাঁও আৰু শোনিতপুৰ জিলাৰ উপায়ুক্তক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিছে ।অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এনে পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে ৷ 
================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা