ধৰ্মপুৰত মুখ্যমন্ত্ৰীঃ বানেচিগা বুঢ়াদিয়াৰ মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ- ১২ কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণৰ আশ্বাস
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ধৰ্মপুৰ সমষ্টিৰ বানাক্ৰান্ত পখুৰা অঞ্চলত উপস্থিতহৈ বানেচিগা বুঢ়াদিয়াৰ মঠাউৰি পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে সন্ধিয়া বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন-সত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা পোনে পোনে ধৰ্মপুৰ সমষ্টিৰ শোলমাৰাহৈ পখুৰা মানৱজ্যোতি হাইস্কুল চ’কত উপস্থিত হৈ প্ৰায় এক কিলোমিটাৰ দূৰত থকা মথাউৰিৰে খোজকাঢ়ি গৈ সোনেষা জান নামৰ ঠাইত বুঢ়াদিয়াৰ বানেচিগা মথাউৰি পৰিদৰ্শন কৰে আৰু ভগ্ন মথাউৰি শীঘ্ৰে মেৰামতিৰ আশ্বাস দিয়ে ৷ স্থানীয় ৰাইজৰ অভিযোগ শুনি মুখ্যমন্ত্ৰী সোনোৱালে বহুদিনীয়া পুৰণি প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰিটো পুনৰ নিৰ্মাণ কৰা হ'ব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে ৷ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে মথাউৰিৰ ওচৰৰ বাসিন্দাসকলক মথাউৰিৰ ওপৰতে লগ কৰি তেওঁলোকৰ লগত মত বিনিময় কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ লগত মত বিনিময় কৰি অসমৰ ৰাইজে একেলগে বহুকেইটা দুৰ্যোগৰ সন্মুখীন হৈয়ো সাহসেৰে যুঁজ দি প্ৰতিহত কৰা বাবে ৰাইজক ধন্যবাদ দিয়ে ৷ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'ৰোণাক লৈ চৰকাৰে ৰাজনীতি কৰা নাই বুলিও দৃঢ়তাৰে কয় ৷
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment