সুগন্ধি পখিলাৰ কবি হীৰেন ভট্ৰাচাৰ্য্যৰ জন্মদিনটোত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ গছপুলি ৰোপন

    দেৱব্ৰত বৰা,২৮ জুলাই: অাজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্ৰাচাৰ্য্যৰ জন্মদিন। অসমীয়া সাহিত্য ক্ষেত্ৰত অনবদ্য বৰঙনি অাগৱঢ়াই যোৱা মহান কবি গৰাকীৰ অাজি জন্মদিনটোত হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ। নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ নিৰ্দেশ মৰ্মে হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী, অভিভাৱক অাৰু শিক্ষাগুৰুসকলে ডিমৌ- ৰাইডঙীয়া সংযোগী গড়কাপ্তানি পথৰ বাহ্মণগাঁৱত অৱস্থিত হাতীচোং ৰাজ্যিক পশু চিকিৎসালয়ৰ সমীপত গছপুলি ৰোপন কৰে । এই গছপুলি ৰোৱা কাৰ্য্যসুচীত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ মুখ্য শিক্ষক অজিত বৰা অাৰু নেহৰু যুৱ কেন্দ্ৰৰ সদস্য নজৰুল ইছলাম উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা