মুখ্যমন্ত্ৰী সোণোৱাললৈ বাক্সা জিলা এবছুৰ স্মাৰকপত্ৰ

 বাক্সা জিলাৰ ভয়াবহ গৰাখহনীয়া সমস্যা স্থায়ীভাৱে সমাধান কৰকঃ বেঁ‌কীৰ গৰাখহনীয়াৰ কবলত পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰক্ষনাবেক্ষন, সহস্ৰাধিক গৃহহীনক সাহায্য প্ৰদানৰ দাবী

সঞ্জীৱ দাস,ভৱানীপুৰ , ২৩ জুলাইঃ ধাৰাষাৰ বৰষুণ আৰু প্ৰবল মৌচুমীৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈ যোৱা বেঁ‌কী, পাগলাদিয়া, পুঠিমাৰী, বৰলীয়া আৰু হাকুৱা ডাকুৱা নদীয়ে বৃহত্তৰ বাক্সা জিলাৰ বিভিন্ন স্থানত সৃষ্টি কৰা ভয়াবহ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ লগতে ক্ষতিগ্ৰস্ত জনসাধাৰনক সাহায্য প্ৰদাণৰ দাবীত আজি এবছুৰ বাক্সা জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত এবছুৰ বাক্সা জিলা সমিতিৰ বিষয়ববীয়াই বৃহত্তৰ বাক্সা জিলাৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত দাবী জনোৱাৰ লগতে বান- গৰাখহনীয়াত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদাণৰ জোৰদাৰ দাবী উত্থাপন কৰে । স্মাৰক পত্ৰত উল্লেখ কৰা হয় যে, বেঁ‌কী, পাগলাদিয়া , পুঠিমাৰী, বৰলীয়া , হাকুৱা- ডাকুৱা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াত জাহ গৈছে বাক্সা জিলাৰ ভিন্ন প্ৰান্তৰ ব্যাপক পৰিমাণৰ কৃষিভূমিৰ লগতে গৰাখহনীয়াত প্ৰায় এহেজাৰ লোক গৃহহীন হৈছে । তেনেদৰে এইবাৰৰ বান আৰু গৰাখহনীয়াত পুঠিমাৰী, বৰলীয়া আৰু  পাগলাদিয়া নদীয়ে মুছলপুৰ মহকুমাৰ সুৱনখাটা, বাগানপাৰা, ধমধমা এলেকাত বিস্তৰ ক্ষতিসাধন কৰিছে । তেনেদৰে শালবাৰী মহকুমাতো বৃহত্তৰ গোৱৰ্ধনা আৰু খাৰিজা বিজনী অঞ্চলৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বেঁ‌কী নদীয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰি বিস্তৰ ক্ষতিসাধন কৰিছে । স্মাৰকপত্ৰত বাক্সা জিলাত হোৱা বান- গৰাখহনীয়া সমস্যাৰ স্থায়ীভাৱে সমাধানৰ ক্ষেত্ৰত চৰকাৰীভাৱে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ জোৰদাৰ দাবী উত্থাপন কৰা হয় । তদুপৰি বান- গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰিছে স্মাৰক পত্ৰত ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা