বৰ্ন্যাতক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদানৰ দাবী বিশিষ্ট অধিবক্তা বদৰোজ্জাহ চৌধুৰীৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুলাইঃ ক'ৰনাৰ বিভীষিকাৰ মাজতেই সমগ্ৰ ৰাজ্যৰ প্ৰায় সংখ্যক জিলাত বৰ্তমান প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত ঘৰ-বাৰী সৰ্বস্ব হেৰুৱাই ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোক । বিশুদ্ধ খোৱা পানী তথা এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এই লোক সকলে । ইয়াৰ মাজতে বানৰ কবলত পৰি বহু কেইজন লোকে অকাল মৃত্যুক সাবটিবলগীয়া হৈছে । এনে এক সংকটময় সময়ত সংহাৰী ৰূপ ধাৰণ কৰা বানৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছে চৰকাৰ তথা প্ৰশাসন ৷- এই অভিযোগ এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সম্পাদক তথা বিশিষ্ট অধিবক্তা বদৰোজ্জাহ চৌধুৰীৰ। সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অধিবক্তাজনে অসমৰ সম্পদসমূহ ৰাষ্ট্ৰীয় সম্পদ হিচাপে স্বীকৃতি লাভ কৰিব পাৰে যদিও অসমৰ সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি লাভ নকৰে বুলি প্ৰশ্ন তুলি লগতে কয় যে--প্ৰতি বছৰেই হোৱা বানপানীৰ ফলত অসমৰ জনসাধাৰণ শৈক্ষিক তথা আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে । বানৰ সময়ত চৰকাৰ তথা বিভিন্ন ৰাজনৈতিক নেতা-পালিনেতাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি সহানুভূতি দেখুৱাই অলপ-অচৰপ সাহায্য বিতৰণ কৰে যদিও অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ বিজ্ঞান সন্মতভাৱে স্থায়ী সমাধানৰ বাবে কোনেও চিন্তা নকৰে । আনকি বিগত দিনবোৰৰ দৰেই পৰিবৰ্তনৰ আশ্বাস প্ৰদান কৰি শাসনৰ গাদী দখল কৰা বিজেপি দলৰ চৰকাৰেও আজিকোপতি অসমৰ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ চিন্তা কৰা নাই । গতিকে অধিবক্তাগৰাকীয়ে বানত ককবকাই থকা দৰিদ্ৰ পৰিয়ালক পৰ্যাপ্ত পৰিমাণে সাহায্য তথা সু-চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে বানত সৰ্বস্ব হেৰুৱাই হামৰাও কাঢ়ি থকা পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বিজ্ঞানসন্মত ভাৱে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ।
Comments
Post a Comment