বটদ্ৰৱাত বানাক্ৰান্ত ৰাইজৰ কাষত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱশ্ৰী বৰা

lদেৱব্ৰত বৰা,২০ জুলাই:  বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানত একাংশই ভেটা দি মৎস পালনৰ বাবে বৃহৎ পুখুৰী নিৰ্মাণ কৰাৰ পৰিনতিত বিগত কিছু বছৰৰ পৰা বাৰিষাৰ সময়ত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বিষয়ে বিভিন্ন সময়ত বাতৰি পৰিৱেশন হৈ আহিছিল। এই সকল দুৰ্ভগীয়া বানপীড়িত ৰাইজৰ কাষত আজি পুৱাৰ ভাগত ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন চমুকৈ এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱশ্ৰী বৰা উপস্থিত হ’ল। এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকাগৰাকীয়ে বটদ্ৰৱা সমষ্টিৰ ভোমোৰাগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত শান্তিজান পাৰৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে তেওঁ ব্যক্তিগতভাৱে অঞ্চলটোৰ শতাধিক পৰিয়ালক লগ ধৰি চাউল, চেনী, মিঠাতেল, বিস্কুটৰ পেকেট আদি দান কৰে। বিগত এমাহ জুৰি কৃত্ৰিম বানত সৰ্বস্বান্ত হোৱা শান্তিজান পাৰৰ বান বিধ্বস্ত এলেকাত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা গৰাকী উপস্থিত হোৱাত ৰাইজে তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে অৱগত কৰে। জাতীয় ছাত্ৰ ইউনিয়নৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকাগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সকলো সমস্যাৰ বুজ লোৱাৰ উপৰিও সকলো সমস্যাৰ সমাধানৰ বাবে স্থানীয় জনপ্ৰতিনিধিক সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা