সমগ্ৰ অসমৰ লগতে গোলাঘাটতো কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক-ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

সমগ্ৰ অসমৰ লগতে গোলাঘাটতো কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক-ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ।
২৮ জুলাই, ২০২০-

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত নাগৰিকত্ব সংশোধনী অাইন ২০১৯ বাতিল অাৰু অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি,ছাত্ৰ মুক্তি,চাহ শ্ৰমিক মুক্তি আৰু নাৰী মুক্তিয়ে।
    জাতিংধ্বংসী নাগৰীকত্ব সংশোধনী অাইন ২০১৯ বাতিলৰ দাবীত ,লগতে  অখিল গগৈ মুক্তিৰ দাৱীত গোলঘাটৰ বিভিন্ন প্ৰান্তত মানৱ শৃখংল, সাংস্কৃতিক প্ৰতিবাদ, আদি বিভিন্ন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি, ছাত্ৰ মুক্তি, চাহ শ্ৰমিক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে। পুৱা ৮ বজাত গোলাঘাটৰ ফৰকাটিং চাৰি আলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া , চাহ শ্ৰমিক মুক্তিৰ জিলা সভাপতি বিৰেণ মুন্দাৰ নেতৃত্বত মানৱ শৃংখল , দেৰগাঁৱত কৃষক মুক্তি গোলাঘাট জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰিপুন মহন্ত অাৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা, জিলা সম্পাদক জ্যোতিষ্মান বৰাৰ নেতৃত্বত গীতে মাতে প্ৰতিবাদ, খুমতাই 
হাবিছোৱাত চাহ শ্ৰমিক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোবাৰক অালিৰ নেতৃত্বত মানৱ শৃংখল,
মেৰাপানীত নাৰী মুক্তি কেন্দ্ৰীয় সভানেত্ৰী বিমলা গগৈ, ছাত্ৰ মুক্তিৰ জিলা সভাপতি সত্যব্ৰত শইকীয়া আৰু সম্পাদক সু-প্ৰতিম ৰাজখোৱা নেতৃত্বত মানৱ শৃংখল আৰু প্ৰতিবাদী সভা, কাজিৰঙা কহৰাত কৃষক মুক্তি জিলা কাৰ্যকৰী সভাপতি মহেন মৰাং, জিলা সাংগঠনিক সম্পাদক বোধেন দলে, প্ৰভাত মৰাঙৰ নেতৃত্বত মানৱ শৃংখল, কছাৰীহাতত ছাত্ৰ মুক্তি গোলাঘাট মহকুমা সমিতিৰ সভাপতি পুলিন শইকীয়া, জিলা সাংগঠনিক সম্পাদক নয়ন বৰা নেতৃত্বত মানৱ শৃংখল, মৰঙীত কৃষক মুক্তি জিলা সভাপতি ধৰ্মেশ্বৰ শইকীয়া, সাংগঠনিক সম্পাদক দীপক শইকীয়া নেতৃত্বত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা