কৰ’না বিভীষিকাৰ বাবে জামুগুৰিত অনুষ্টুপীয়াকৈ হ’ব "গৰখীয়া সবাহ আৰু শৰাইৰ এদিন" উৎসৱ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিচেই সমীপৰ ইতিহাস প্ৰসিদ্ধ জামুগুৰি অঞ্চলৰ আছে এক বিশেষ বৈশিষ্ট্যৰে আবৰা ঐতিহাসিক সাৰ্ব্বজনীন গৰখীয়া থান ৷ কালক্ৰমত বিভিন্ন জনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠা সাৰ্ব্বজনীন গৰখীয়া থানখনি জন্মৰ প্ৰায় তিনিশ বছৰ জুৰি স্ব-মহিমা আৰু গৰিমাৰে উজ্জীৱিত হৈ আজিও নিজৰ অপাৰ মহিমাৰে চিৰবন্দিত হৈ ৰৈছে ৷ থানখনত প্ৰতি বছৰে উলহ-মালহেৰে উদযাপিত হৈ অহা তিনিটা বিশেষ উৎসৱৰ ভিতৰত অন্যতম হৈছে "গৰখীয়া সবাহ আৰু শৰাইৰ এদিন" শীৰ্ষক উৎসৱটি ৷ জনবিশ্বাস মতে, এই উৎসৱভাগত শুদ্ধ মন আৰু  সৰল ভাৱে কোনো লোকে যদি শৰাই-সঁফুৰা আগবঢ়াই তেনেহলে তেনে লোকৰ অপূৰণ অভীপ্সা পূৰণ হোৱাৰ উদাহৰণো জামুগুৰি গাঁৱৰ গৰখীয়া থানখনিৰ অন্য এক উল্লেখযোগ্য মাহাত্ম্য ৰূপে আজিও ভক্তপ্ৰাণ ৰাইজৰ মন-দাপোণত জিলিকি আছে ৷ তদুপৰি জিলাখনৰ ভিতৰতে এখনি পুৰাতন থান ৰূপে ভকত-বৈষ্ণৱৰ হৃদয় ৰাজ্যত ভক্তি ৰসৰ অৰ্চন বন্দনাৰে মন মন্দিৰত ঢৌ খেলি থকা নিঃসন্তানৰ সন্তান প্ৰাপ্তি থানখনিৰ বিশেষ বৈশিষ্ট্য ৷ এনে আশা-প্ৰত্যাশাক বুকুত পৱিত্ৰ ভাৱেৰে ধাৰণ কৰি গভীৰ বিশ্বাসেৰে প্ৰতি বছৰে এই উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা বিভিন্ন লোক আহি ইয়াত শৰাই-নৈবেদ্য আগবঢ়াই সেৱা জনায় ৷ কিন্তু এইবাৰ এই উৎসৱটি ৰাজ্যৰ সৰ্বত্ৰে অব্যাহত থকা কৰ’না বিভীষিকাৰ বাবেই আড়ম্বৰপূৰ্ণ তথা জাকজমকতাৰ পৰিৱৰ্তে কেৱল পৰম্পৰা ৰক্ষাৰ্থে অনুষ্টুপীয়াকৈহে অহা ৩১জুলাইত উদযাপিত হ’ব বুলি থান পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা