নগাঁৱৰ বৰালিমাৰিত বনৰীয়া গাহৰিৰ উপদ্ৰব≈≈৬ জন আহত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুনঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ বৰালিমাৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত ছয়জন লোক আহত হোৱা ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে লাওখোৱা অভয়াৰণ্য জলমগ্ন কৰি তোলাত অভয়াৰণ্যখনত থকা জীৱ-জন্তুবোৰে আশ্ৰয়ৰ সমস্যাত পৰিছে ৷ সেয়ে তেনে বহু জীৱ-জন্তু নিৰাপদ আশ্ৰয় আৰু খাদ্যৰ সন্ধানত ইতিমধ্যে অভয়াৰণ্যখনৰ দাঁতিকাষৰীয়া অঞ্চলত আশ্ৰয় গ্ৰহন কৰিছে ৷ এনেদৰে আশ্ৰয় লৈ থকা বনৰীয়া গাহৰিয়ে শুকুৰবাৰে দিনদুপৰতে হঠাৎ বৰালিমাৰিৰ মানুহৰ ঘৰত প্ৰবেশ কৰে আৰু দুটি পৰিয়ালৰ ছয়জন লোকক আক্ৰমণ কৰি আহত কৰে ৷ ঘটনাৰ খবৰ পাই প্ৰতিবেশী লোকে আহত লোককেইজনক বনৰীয়া গাহৰিৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰি দগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্ত্তি কৰে ৷ কিন্তু ইয়াৰে মোজাহাৰুল ইছলাম, আছাদুল ইছলাম আৰু ছকত আলী নামৰ লোক কেইজনৰ অৱস্থা সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে নগাওঁ চহৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ 
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা