আত্মজাহ কাৰ্যসুচীত অংশ ল'বলৈ অহা এগৰাকী শিক্ষকৰ ঘগ্ৰাপাৰত অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি বন্তি প্ৰজ্বলন

আত্মজাহ কাৰ্যসুচীত অংশ ল'বলৈ অহা এগৰাকী শিক্ষকৰ ঘগ্ৰাপাৰত অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি বন্তি প্ৰজ্বলন*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুলাই*

ৰাজ্যখনৰ নিবণুৱা সমস্যা সমাধানৰ অংশ হিচাপে  অগপ চৰকাৰৰ কাৰ্যকালৰ শেষৰ সময়ছোৱাত অৰ্থাৎ বিগত ২০০১ বৰ্ষৰ মাৰ্চ মাহত অ’বিবি আঁচনিৰ অধীনত শিক্ষকৰ চাকৰিত নিযুক্তি প্ৰদান কৰিছিল ৷ ইয়াৰ সমান্তৰালভাৱে নলবাৰী জিলাতো কিছুসংখ্যক নিবণুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছিল যদিও অতি পৰিতাপৰ বিষয় আজি পৰ্যন্ত অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহ’ল ৷ এইক্ষেত্ৰত চৰকাৰ পক্ষই বিগত কুৰি বছৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আত্মজাহ কাৰ্যসূচীত অংশ লবলৈ আগবাঢ়ি অহা কনক চন্দ্ৰ কলিতা নামৰ এগৰাকী শিক্ষকে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাকৰিত এক বন্তি প্ৰজ্বলন কাৰ্যসুচী ৰূপায়ণ কৰি অসম চৰকাৰৰ পৰা সুমতি বিচাৰে ৷ শিক্ষকগৰাকীয়ে সামাজিক দুৰত্ব বজাই অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব‍্যক্তি তথা সাংবাদিকে অংশগ্ৰহণ কৰে । অ' বি বি শিক্ষক কনক কলিতাই আঁত ধৰা এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষাবিদ প্ৰভাত শৰ্মাই চৰকাৰী পক্ষ আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ১৫ আগষ্টৰ পুৰ্বে  নলবাৰী এইসকল অ' বি বি শিক্ষকৰ সমস্যাসমূহ দূৰ কৰি পৰিয়ালকেইটাক জীয়াই থকাৰ ব‍্যৱস্থা কৰি দিবলৈ আহ্বান জনায় । শিক্ষাবিদ শৰ্মাই লগতে কয় যে এইসকল শিক্ষকৰ ইতিমধ্যে চাকৰি অৱসৰ বয়স শেষ হ'বলৈ ৫ৰ পৰা মাথো ১০ বছৰহে বাকী থকাৰ লগতে ইয়াৰে একাংশ শিক্ষকৰ ইতিমধ্যে মৃত্যু হৈছিল বুলি মন্তব্য কৰে । উক্ত অনুষ্ঠানত প্ৰাক্তন ছাত্ৰনেতা শৰৎ কলিতা, অগপ নেতা থানেশ্বৰ লহকৰ, হৰিনাথ লহকৰ, হেমকান্ত বৈশ‍্য, সাংবাদিক তপন দাস, দ্বিজেন ডেকা, ঘগ্ৰাপাৰ অগপৰ ভাৰপ্ৰাপ্ত সভাপতি বাপন দাস আদিয়ে অংশগ্ৰহণ কৰি একোগচি বন্তি জ্বলায় আৰু এইসকল অ’বিবি শিক্ষকৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায় । অ'বি বি শিক্ষক কনক কলিতাই ভাষণত কয় যে আজি আমি এই নিযুক্তি পোৱা ৪১৫ গৰাকী শিক্ষকে কুৰিবছৰত ভৰি দিলে । সেয়েহে আমি কুৰিবছৰ অন্ধকাৰত থকা হেতুকে আজি কুৰি গচি বন্তি জ্বলাই আগন্তুক ১৫ আগষ্টৰ পূৰ্বে পোহৰ পোৱাৰ হেতুকে অসম চৰকাৰ মুখ্য মন্ত্ৰী, শিক্ষা আৰু উদ‍্যোগ মন্ত্ৰীৰ ওচৰত চাকৰি নিয়মীয়া কৰাৰ সুমতি বিচাৰি শিক্ষকগৰাকীয়ে প্ৰাৰ্থনা কৰে । উল্লেখ‍্য‍ যে সেই সময়ত নিযুক্তি প্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলে নিযুক্ত হোৱা বিদ্যালয়ৰ বিপৰীতে যোগদান কৰি পাঠদান কাৰ্যও কৰি থাকে ৷ পাঠদান কাৰ্য চলি থকাৰ মাজতে ছয় মাহ মান পিছত অ’বিবি শিক্ষকৰ চাকৰি বাতিলৰ নিৰ্দেশ আহে ৷ ইয়াৰ পিছত অ’বিবি শিক্ষক-শিক্ষয়িত্ৰীসকলে চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ জানিব পৰামতে ন্যায়ালয়ে চাকৰিসমূহ বাহাল ৰাখি নিয়মীয়াকৰণৰ আদেশ দিয়ে ৷ ন্যায়ালয়ৰ আদেশক গুৰুত্ব নিদি চৰকাৰ পক্ষই অ’বিবি শিক্ষকৰ চাকৰিত নিযুক্ত প্ৰাপ্তসকলৰ লগত হেতালি খেলি থাকিল ৷ অগপ চৰকাৰৰ দিনত হোৱা চাকৰি কংগ্ৰেছ চৰকাৰে নিয়মীয়া নকৰাৰ অভিযোগ তুলি শিক্ষকসকলে বিভিন্ন কাৰ্যসূচীও ৰূপায়ণ কৰিছিল ৷ ইয়াৰ মাজতে নলবাৰী জিলাৰ নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ কনক চন্দ্ৰ কলিতা নামৰ শিক্ষক গৰাকীয়ে ২০০৭ বৰ্ষ আৰু ২০০৮ বৰ্ষৰ স্বাধীনতা দিৱসত আত্মজাহ কাৰ্যসূচী ঘোষণা কৰাত জিলাখনৰ লগতে ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিত চৰকাৰ পক্ষই তথা স্থানীয় প্ৰশাসনে চাকৰি নিয়মীয়াকৰণৰ আশ্বাস প্ৰদান কৰি চুক্তিবদ্ধ হ'বলৈ বাধ্য হয় যদিও আশ্বাস ফুটুকাৰ ফেনত পৰিণত হয় ৷ প্ৰণিধানযোগ্য যে সেই সময়ৰ মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰী ভূমিধৰ বৰ্মন আৰু ৰিপুণ বৰাই অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি আশ্বাস দিয়াৰ উপৰিও সেই সময়ৰ মন্ত্ৰী তথা মুখপাত্ৰ ড° হিমন্ত বিশ্ব শৰ্মাইও আশ্বাস প্ৰদান কৰিছিল ৷ বৰ্তমান সময়ত চলি থকা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনত অংশীদাৰী দল অগপ থকাৰ লগতে ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷ এনেক্ষেত্ৰত  অ’বিবি শিক্ষকৰ চাকৰি প্ৰদান কৰা দল অগপ বৰ্তমান চৰকাৰৰ সহযোগী দল হিচাপে থকাৰ উপৰিও ড° হিমন্ত বিশ্ব শৰ্মা উক্ত মন্ত্ৰী সভাত শিক্ষা তথা বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হেতুকে অ’বিবি শিক্ষকসকলে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷ কিয়নো অগপ দলে প্ৰদান কৰা অ’বিবি শিক্ষকৰ চাকৰি সম্পৰ্কে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে অৱগত ৷ আনহাতে চৰকাৰ পক্ষই গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰে অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিছেে, অন্যথা আত্মজাহ কাৰ্যসূচী বন্ধ কৰি চুক্তিত স্বাক্ষৰকাৰীসকলৰ বিৰুদ্ধে পুনৰাই ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি আত্মজাহ কাৰ্যসূচী ঘোষণা কৰা শিক্ষক কনক চন্দ্ৰ কলিতাই সকীয়াই দিয়ে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা