ভাৰতীয় মজদুৰ সংঘৰ চৰকাৰ জাগাও কাৰ্যসূচী

ভাৰতীয় মজদুৰ সংঘৰ চৰকাৰ জাগাও কাৰ্যসূচী। 
গুৱাহাটী আই আই টিত গেৰুৱা বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে ধ্বনি। 

পঙ্কজ নাথ, চাংসাৰি, ২৮ জুলাই :

আজি মঙ্গলবাৰে গুৱাহাটী আই আই টিত গেৰুৱা বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে উঠা ধ্বনিত পৰিস্থিতি উত্তাল হৈ পৰিল। বিজেপিৰ বৰ ঘৰতে এতিয়া আৰম্ভ হৈছে গৃহ কন্দল । বি জে পিৰ ভাতৃ সংগঠনৰ ভিতৰ চ'ৰাত উমি উমি জ্বলা জুইৰ বহিপ্ৰকাশ ঘটিল আজি আই আই টি গুৱাহাটীত । চৰকাৰৰ কাম কাজত মুঠেই সন্তুষ্ট নহয় বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় মজদুৰ সংঘ চমুকে বি এম এছ । কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হ'ল ভাতৃ সংগঠন ভাৰতীয় মজদুৰ সংঘ। বামপন্থী শ্ৰমিক সংগঠনক মষিমুৰ কৰি নিষ্কণ্টক হব খোজা বিজেপিয়ে বোকোচাত লৈছিল বি এম এছক ।  বিজেপিৰ বোকোচাত উঠি বি এম এছে খোপনি পুতিছিল চৰকাৰী বেচৰকাৰী প্ৰতিস্থানত।  বিজেপিও বিগত নিৰ্বাচনসমূহত লাভ কৰিছিল বিএমএচৰ জৰিয়তে শ্ৰমিকৰ ভোট  ।কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে লোৱা নীতিৰ বাবে বহু শ্ৰমিকে কাম হেৰুৱাব লগা হৈছে । ইযাৰ ফলত ভাৰতীয় মজদুৰ সংঘই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে নিজৰেই চৰকাৰৰ বিৰুদ্ধে । যোৱা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ চৰকাৰ জগাও কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতীয় মজদুৰ সংঘই আজি মঙ্গলবাৰে গুৱাহাটী আই আই টিত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ।  উত্তৰ পূব ৰেল'ৱে মজদুৰ সংঘৰ সম্পাদক জিতু হাজৰিকা, বিএমএছ ৰাজ্যিক সদস্য ৰঞ্জন কুমাৰ শৰ্মা, মুহিতেশ্বৰ গোস্বামীসহ আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত অৰ্ধ শতাধিক শ্ৰমিকে অংশগ্ৰহণ কৰে । শ্ৰমিক শোষণৰ বিৰুদ্ধে কৰ্মকৰ্তাসকলে চৰকাৰ জগাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদেৰে উত্তাল কৰি তোলে আই আই টিৰ চৌহদ । ভাৰতীয় মজদূৰ সংঘ অমৰ ৰহে, ভাৰত চৰকাৰ হুচিয়াৰ , দেশৰ কাৰণে কৰিম কাম সঠীক কাম পুৰা দাম , ভাৰত মাতাকি জয় আদি ধ্বনিৰে আই আই টিৰ পৰা চৰকাৰলৈ নিক্ষেপ কৰিলে প্ৰতিবাদৰ শৰ । চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান ব্যক্তিগত কৰণ বন্ধ কৰা , অনিমীয়া শ্ৰমিকক নিয়মীয়া কৰণ কৰা , শ্ৰমিক বিৰোধী নীতি বন্ধ কৰা ,কভিড নিয়োজিত শ্ৰমিকৰ কাম স্থায়ীকৰণকে ধৰি পাঁচদফীয়া দাবীৰে সকিয়ালে চৰকাৰক । ইফালে আই আই টিৰ ভিতৰৰ পৰাই প্ৰতিষ্ঠানত নিয়োজিত শ্ৰমিকৰ দমন নীতিৰ বিৰুদ্ধেও কতৃপক্ষক সকিয়ালে বি এম এছে । 
নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বি জে পিৰ ভাতৃ সংগঠণৰ চৰকাৰ বিৰোধী স্থিতিয়ে যে   বি জে পিক শ'ল ঠেকত পেলাব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই। এতিয়া চৰকাৰে এই প্ৰতিবাদক কিমান গুৰুত্ব দিয়ে, যদি চৰকাৰে প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰে তেতিয়া এই সংগঠনসমূহে কি পন্থা অৱলম্বন কৰে সেয়া সময়তহে লক্ষনীয় হব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা