জিঅ' নেটৱৰ্কে জলা কলা খুৱাইছে হাতীচোঙবাসীক

জিঅ' নেটৱৰ্কে জলা কলা খুৱাইছে হাতীচোঙবাসীক

: নেটৱৰ্ক বিচাৰি হাহাকাৰ গঞাঁ ৰাইজৰ

: নেটৱৰ্ক বিচাৰি কোনো যদি পথাৰত কোনোৱা অাকৌ গছৰ ওপৰত

    জাজৰিৰ প্ৰতিবেদক: যান্ত্ৰিকতাৰ যুগত মানৱ সমাজৰ উল্লেখনীয় এপদ যোগাযোগৰ সামগ্ৰী হৈছে ম'বাইল ফোন। ম'বাইলৰ অৱিহনে অাজিৰ মানৱ জীৱন অাধৰুৱা বুলিয়ে ক'ব পাৰি। যান্ত্ৰিকতাৰ যুগৰ লগত সমানে ফেৰ মিলাই খোজ দিবৰ বাবে মানুহৰ অতিকৈ প্ৰয়োজনীয় ম'বাইল নেটৱৰ্ক অবিহনে অচল হৈ পৰে। ভাৰতবৰ্ষত বিভিন্ন নেটৱৰ্ক সেৱাৰ ভিতৰত খুব কম দিনৰ ভিতৰতে বহুলভাৱে জিঅ' নেটৱৰ্কে ৰাইজৰ ম'বাইলত সংস্থাপিত হ'বলৈ সক্ষম হ'ল। প্ৰথমাবস্থাত জিঅ' কোম্পানীৰ তৰফৰ পৰা ৰাইজক বহু সা- সুবিধা প্ৰদান কৰিছিল যদিও পিছলৈ সা- সুবিধা কিছূ পৰিমানে কমি অাহিল। প্ৰথম অৱস্থাত নেটৱৰ্ক বহু তাতক্ষণিক অাছিল অাৰু এতিয়াও বহু অঞ্চলত নেটৱৰ্ক সেৱা হাই স্পিডতে চালিত হৈ অাছে। উল্লেখনীয় কথাটো হৈছে যে, নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ বিভিন্ন গাঁৱত অাগৰ তুলনাত নেটৱৰ্ক সেৱা এতিয়া বহু কম স্পিডত অৰ্থাৎ ইণ্টাৰনেট চলাব নোৱাৰা অৱস্থা সৃষ্টী হৈছে। যাৰ ফলত শিক্ষাৰ্থী সকলে পঢ়া শুনাৰ লগত জড়িত কিছু কাম কাজ ইন্টাৰনেটত চাব নোৱাৰাত ব্যাপক অসুবিধাই গা কৰি উঠিছে। অন্য অঞ্চলৰ মানুহৰ লগত ম'বাইলত  কথা পাতিলে অামাৰ পৰা যোৱা মাতটো সেই ম'বাইলত থুনুক থানাককৈ হে শুনা পায়। সেই সমস্যাই বিশেষকৈ অঞ্চলৰ ৰাইজক জলা কলা খুৱাইছে। ইন্টাৰনেটৰ বিশেষ কাম কৰিব লগা হ'লে নিজৰ ঘৰৰ পৰা অন্য ঠাইলৈ ওলায় যাব লগা হয়। জিঅ' হেল্পলাইন নম্বৰত যোগাযোগ কৰিলে এই অসুবিধা খুব শুনকালে মসিমূৰ কৰি দিয়াৰ অাশ্বাস প্ৰদান কৰে যদিও সেই প্ৰতিশ্ৰুতি ফলপ্ৰসু হোৱা পৰিলক্ষিত হোৱা নাই। অঞ্চলৰ জিঅ' ব্যৱহাৰকাৰী ৰাইজে বিভাগীয় কৰ্তীপক্ষক বিষয়টোৰ ওপৰত ক্ষীপ্ৰ দৃষ্টী ৰাখি অসুবিধাটো অতি শুনকালে দূৰ কৰি ৰাইজক সহায় কৰিবলৈ অাহ্বান জনায়। অাগৰ তুলনাত জিঅ' টাৱাৰ সমুহ বাঢ়িছে যদিও কোনো সুফল পোৱা নাই। বাকী নেটৱক বিলাকৰো অৱস্থা বৰ্তমান একেই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা