জালুকবাৰী সমষ্টিৰ শিঙিমাৰী পঞ্চায়তত পথ উদ্বোধন কৰিবলৈ আহি আধাবাটৰ পৰাই উভতিল শুৱালকুছি উন্নয়ন খণ্ডৰ বিষয়া

জালুকবাৰী সমষ্টিৰ শিঙিমাৰী পঞ্চায়তত পথ উদ্বোধন কৰিবলৈ আহি আধাবাটৰ পৰাই  উভতিল শুৱালকুছি উন্নয়ন খণ্ডৰ বিষয়া ৷

পঙ্কজ নাথ, চাংসাৰি, ২২ জুলাই : 

কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ৮৮ নং শিঙিমাৰী গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে নৱনিৰ্মীত পথ এটি উদ্বোধন কৰিবলৈ আহি শুৱালকুছি উন্নয়ন খণ্ডৰ বিষয়া গৰাকী আধাবাটৰ পৰা উভতি যোৱা ঘটনাই সমগ্ৰ শুৱালকুছি উন্নয়ন খণ্ডৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি পৰিছে ৷ জানিব পৰামতে , শিঙিমাৰী গাওঁ পঞ্চায়তৰ এলেকাৰ অনিল বৰ্মনৰ ঘৰৰ পৰা বাবুল বৰ্মনৰ ঘৰলৈকে যোৱা ১৪৫ ফুট দৈৰ্ঘ্যৰ আৰু ৭ ফুট বহলৰ উক্ত পথটি প্ৰাককলন অনুসৰি  ক্ৰংক্ৰিটৰ হৱ লাগিছিল যদিও গাওঁ পঞ্চায়ত খনে ক্ৰংক্ৰিটৰ ঠাইত পেভাৰ ব্লকৰে পথটি নিৰ্মাণ কৰাত পথটি প্ৰাককলন অনুসৰি নিৰ্মাণ নোহোৱাৰ বাবেই পথটি উদ্বোধন নকৰাকৈয়ে কালি মঙ্গলবাৰে আধাবাটৰ পৰাই বিষয়া গৰাকীয়ে উভতি আহে৷ আনহাতে , নিৰ্মাণৰ আগমূহূৰ্তত পথটিৰ ফলক আৰিব  লাগে যদিও পঞ্চায়ত খনে এখন উকা ফলক হে আৰি থোৱাৰ পৰিলক্ষিত হয় ৷ এই সন্দৰ্ভত শুৱালকুছি উন্নয়ন খণ্ডৰ বিষয়া অৰ্চনা দাসে শিঙামাৰী পঞ্চায়ত খনে পথটি নিৰ্মাণ কৰাৰ সময়ত কোনো ধৰণৰ প্ৰাককলন নমনাকৈয়ে পথটি কংক্ৰিটৰ ঠাইত পেভাৰ ব্লকৰে নিৰ্মাণ কৰাত কাৰিকৰী অসুবিধাৰ বাবেই পথটি উদ্বোধন নকৰাকৈয়ে উভতি অহা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ আনহাতে , চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বিতীয় কিস্তিৰ ১ লাখ ৫৩ হাজাৰ ২৪৭ টকাৰ আৱন্তিত উক্ত পথটি উদ্বোধন কৰিব বুলি জানি স্থানীয় ৰাইজে পথটিৰ দুয়োকাষে কলগছৰ পুলিও ৰুই ফুলৰ মালা আৰি বৰ হেপাঁহৰে ৰৈ আছিল যদিও খণ্ড উন্নয়ন বাইদেউ খঙতে পথ উদ্ধোধন নকৰাকৈয়ে উভতি যোৱা বুলি সাংবাদিকৰ আগত স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা