নগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুলাইঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সোমবাৰে নগাঁৱত উপস্থিত হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা(চহৰাঞ্চল) গৃহৰ দ্বিতীয় পৰ্যায়ৰ গৃহ নিৰ্মাণৰ আনুষ্ঠানিক ভাবে আধাৰশিলা স্থাপন কৰে।নগাঁও চহৰৰ ২৬ নং মহলাৰ চকীটুপত এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আধাৰশিলা স্থাপনৰ পিছতে নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহন কৰে। উক্ত সভাত মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম পৰ্যায়ত গৃহ লাভ কৰা তিনিগৰাকী আৰু দ্বিতীয় পৰ্যায়ত গৃহ লাভ কৰা তিনিগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ গৃহ লাভ কৰা ৰাজ্যৰ দুই হাজাৰ হিতাধিকাৰীক  ইলেকট্ৰনিক ট্ৰেন্সফাৰৰ জৰিয়তে মুঠ ২২ কোটি টকা প্ৰদান কৰে। প্ৰধানমন্ত্ৰী গৃহ নিৰ্মাণ যোজনাৰ শুভাৰম্ভণিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, বিধায়কদ্বয় ৰমাকান্ত দেউৰী আৰু ডিম্বেশ্বৰ দাস, ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ প্ৰধান সচিব, নগাঁও জিলা উপায়ুক্তকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা