জামুগুৰিহাটত পুনৰ এজন ক’ভিড-১৯ আক্ৰান্ত

#ৰেপিড এন্টিজেন টেষ্ট আৰু ছোৱাব সংগ্ৰহ ব্যৱস্থা৷
#চতিয়া সমষ্টিত ক’ভিড আক্ৰান্তৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৩ জুলাইঃ জামুগুৰিহাটত আজি পুনৰ ধৰা পৰিছে আন এজন ক’ভিড-১৯ আক্ৰান্ত ব্যক্তি। আক্ৰান্ত ব্যক্তি গৰাকী হৈছে জামুগুৰিহাটৰ পানপুৰ পুৰণিভেটিৰ পূৰ্ণ ডাংগল(৪৩)। আজি জামুগুৰিহাটৰ বাপুজী ভৱনত গ্ৰহণ কৰা ৰেপিড এন্টিজেন টেষ্টত ব্যক্তিজনৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। উল্লেখযোগ্য যে ২১ জুলাইত ইটানগৰৰ পৰা জামুগুৰিহাটৰ নিজ গৃহলৈ আহিছিল ব্যক্তিজন৷ ইতিমধ্যে ক’ভিড-১৯ আক্ৰান্ত ব্যক্তি পূৰ্ণ ডাংগলক কুসুমটোলাস্থিত মডেল হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে। স্মৰ্তব্য যে জামুগুৰিহাটৰ কুসুমটোলাস্থিত মডেল হাস্পতালখনক ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনে ক’ভিড কেয়াৰ হাস্পতাল হিচাপে নিৰ্বাচিত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু আজি জামুগুৰিহাটত ধৰা পৰা ক’ভিড-১৯ আক্ৰান্ত ব্যক্তি গৰাকীক এই চিকিৎসালয়খনতে পৃথকীকৰণ (আইচ'লেচন)ত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।এইগৰাকী ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তিকে ধৰি আজি পৰ্যন্ত চতিয়া সমষ্টিত ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পালে। উল্লেখ্য যে ২১ জুলাইত জামুগুৰিহাট নগৰৰ মান্তি দত্ত কুন্দু(৩৩) নামৰ এগৰাকী মহিলাও ক’ভিড-১৯ত আক্ৰান্ত হৈছিল৷ আনহাতেদি একেদিনাই জামুগুৰি থানা অন্তৰ্গত মৰিসুতি নিৱাসী অৰুণ শৰ্মা (২৮) নামৰ এজন যুৱক ক'ভিড-১৯ আক্ৰান্ত হয়। সেইদৰে কালি চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাত ৰেপিড এন্টিজেন টেষ্টটো ইটাখোলা নিবাসী অশোক চাহু(৫৫) আৰু সম্ভাৰী তচা(৪৩)ও ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ইটাখোলাৰ এই দুগৰাকী ব্যক্তি আকৌ ইতিপূৰ্বে ক’ভিড-১৯ত আক্ৰান্ত ২ নং ইটাখোলা নিবাসী ৰিধিমা চাহুৰ প্ৰাথমিক সংস্পৰ্শলৈ আহিছিল বুলি জানিব পৰা গৈছে। প্ৰণিধানযোগ্য যে আজি জামুগুৰিহাটৰ বাপুজী ভৱনত গ্ৰহণ কৰা ৰেপিড এন্টিজেন টেষ্ট আৰু ছোৱাৱ সংগ্ৰহ ব্যৱস্থাত মুঠ ৫২ গৰাকী ব্যক্তিয়ে নাম পঞ্জীয়ন কৰি পৰীক্ষাত ভাগ লোৱা বুলি জানিব পৰা গৈছে।

জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা